NORTHEAST NOW (Assamese)
অসম

জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ সেৰেঙা

Posted by: এন ই নাও নিউজ March 13, 2018 8:58 am
Calling on 'Assam Bandh' may put you in jail

জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আজি পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ কিছু কিছু অঞ্চলত সামান্য প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।

জানিব পৰামতে বন্ধৰ সমৰ্থকে তিনিচুকীয়াত টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে। আনহাতে জাগীৰোডতো ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বন্ধৰ সমৰ্থকে টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে।

ইয়াৰোপৰি গোৱালপাৰা জিলাৰ দুধনৈ, কোকৰাঝাৰ আৰু মৰিগাঁৱ, নগাঁও আদি অঞ্চলত পৰিলক্ষিত হৈছে বন্ধৰ প্ৰভাৱ। যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত সাধাৰণ জনজীৱন প্ৰায় ব্যাহত হোৱা বুলি শেহতীয়াকৈ আমালৈ খবৰ আহিছে।

উল্লেখ্য যে জনজাতিৰ বাবে সংৰক্ষিত ১২১৫৫টা বেকলগ পদ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত পূৰণ কৰা, লাইকা দধিয়াৰ বান-খহনীয়াত বিধ্বস্ত জনজাতি কৃষকক শীঘ্ৰে সংস্থাপন দিয়া, শোণিতপুৰ জিলাৰ ৪৫০ আৰু বিশ্বনাথ জিলাৰ ৮৫খন গাঁৱৰ ডেৰ লক্ষাধিক (কাৰ্বি, মিচিং, ৰাভা, বড়ো আৰু আদিবাসী) ভাৰতীয় নাগৰিকক আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোটাধিকাৰ পূৰণ কৰাৰ দাবীত এই বন্ধৰ আহ্বান জনইছিল।

ইয়াৰোপৰি ২০১৭ বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত পদসমূহ পূৰণৰ নিৰ্দেশনা মানি নল’লে বুলিও সমন্বয় সমিতিৰ নেতাসকলে উল্লেখ কৰে।

আনহাতে, আজি আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধলৈ কাৰ্বি আংলং জিলাৰ এ আই কে এছ ইউ আৰু কাৰ্বি আংলং নিবনুৱা অভিযন্তা সন্থায়ো সহযোগ কৰা বুলি খবৰ আহিছে।

ইয়াৰ লগতে হিলছ ট্ৰাইবেল লীগেও ১২ ঘণ্টীয়া অসম বন্ধলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে।