NORTHEAST NOW (Assamese)
অসম

মঙলদৈত আজিৰ পৰা আৰম্ভ অনন্ত চন্দ্ৰ চৌধুৰী সোঁৱৰণী আন্তঃক্লাব প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা

Posted by: ময়ূখ গোস্বামী September 9, 2018 7:31 pm
Players being introduced to the guests befort the start of the inaugural match

মঙলদৈ চহৰৰৰ সমীপৱৰ্তী চাপাই নেহেৰু ময়দানত আজিৰ পৰা আৰম্ভ হয় ১৭ সংখ্যক অনন্ত চন্দ্ৰ চৌধুৰী সোঁৱৰণী আন্তঃক্লাব প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা।

আজি প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া নাছিৰউদ্দিন আহমেদে। ইয়াৰ পাছতে চাপাই যুৱ কল্যাণ কেন্দ্ৰ আৰু ৰামহৰি যুৱ মঞ্চৰ মাজত অনুষ্ঠিত হয় প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচ।

চাপাই নেহেৰু ময়দানত অনুষ্ঠিত হোৱা উদ্বোধনী মেচখনত ঘৰুৱা দল চাপাই যুৱ কল্যাণ কেন্দ্ৰই ৰামহৰি যুৱ মঞ্চক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। মইনুল ইছলাম, মহেশ বড়ো আৰু দেৱজিৎ বড়োৰ গ’লৰ সহায়ত ঘৰুৱা দলটোৱে সহজে জয়ী হৈ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে।

উল্লেখ্য যে সাংবাদিক গণেশ দত্তই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত অৱসৰপ্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া নাছিৰউদ্দিন আহমেদ, প্ৰতিযোগিতাখনৰ ট্ৰফী দাঁতা প্ৰভাত নাৰায়ণ চৌধুৰীৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ইফালে আয়োজকে জানিবলৈ দিয়া অনুসৰি প্ৰতিযোগিতাৰ দ্বিতীয়খন মেচত সোমবাৰে হাজৰিকাপাৰাৰ ৰাইজিং ক্লাবে জলজলী আঞ্চলিক ক্ৰীড়া সংঘৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।