NORTHEAST NOW (Assamese)
Popular Stories

বিৰাটৰ বিস্ফোৰক শতক; ঝাৰখণ্ডৰ হাতত শোচনীয়ভাৱে পৰাস্ত অসম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 14, 2021 8:27 pm

চৈয়দ মুস্তাক আলী ট্ৰফি টি-২০ টুৰ্ণামেণ্টৰ গ্ৰুপ বিৰ এখন মেচত আজি ঝাৰখণ্ডৰ হাতত শোচনীয়ভাৱে পৰাজয় বৰণ কৰে অসমে।

ঝাৰখণ্ডে বিৰাট সিঙৰ ৫৩টা বলত ১২টা চাৰি আৰু তিনিটা ছয়েৰে দুৰ্ধৰ্ষ ১০৩ ইনিংছৰ সহায়ত ২৩৩ ৰানৰ এক বিশাল লক্ষ্য বান্ধি দিছিল অসমক।

বিৰাট সিঙৰ উপৰি সৌৰভ তিৱাৰীয়ে ৫৭ ৰান, কুমাৰ দেৱব্ৰতে অপৰাজিত ৩১ আৰু অধিনায়ক ইষাণ কিষাণে ২৪ ৰানৰ বৰঙণি আগবঢ়ায়।

২৩৩ ৰানৰ লক্ষ্য আগত লৈ খেলিবলৈ অহা অসমে নিৰ্ধাৰিত অভাৰত সাত উইকেট হেৰুৱাই ১৮২ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু মেচখন ৫২ ৰানত পৰাস্ত হয়।

অসমৰ হৈ ৰিয়ান পৰাগে সৰ্বাধিক ৬৭ ৰানৰ ইনিংছ খেলাৰ উপৰি পল্লব কুমাৰ দাসে ৪৬ ৰান সংগ্ৰহ কৰে।

ঝাৰখণ্ডৰ হৈ মোনু কুমাৰে ২৩ ৰান খৰচ কৰি তিনিটা উইকেট দখল কৰে।

টুৰ্ণামেণ্টত ঝাৰখণ্ডৰ এয়া প্ৰথম জয় আৰু অসমৰ এয়া দ্বিতীয় পৰাজয়।

ইফালে গ্ৰুপ বি-ত তামিলনাডুৱে ইডেন গাৰ্ডেনত অনুষ্ঠিত এখন খেলত উৰিষ্যাক আঠ উইকেটত পৰাস্ত কৰি গ্ৰুপৰ শীৰ্ষত অধিষ্ঠিত হয়।