NORTHEAST NOW (Assamese)
অসম

দুধনৈত সংঘটিত লোমহৰ্ষক ডকাইতি কাণ্ডত জড়িত আৰু তিনিজনক গ্ৰেপ্তাৰ: উদ্ধাৰ .৩২ পিষ্টল

Posted by: নীলমনি শর্মা Updated by: নীলমনি শর্মা March 10, 2021 9:44 am
Screenshot_2021-03-10-00-41-03-854_com.mxtech.videoplayer.ad

গোৱালপাৰাৰ দুধনৈত সংঘটিত হোৱা এক  চাঞ্চল্যকৰ ডকাইতি কাণ্ডত জড়িত আৰু তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

ধৃত লোককেইজন হ’ল ক্ৰমে- অভিজিত বসুমতাৰী, জন্মেজয় বসুমতাৰী আৰু ত্ৰুটি বসুমতাৰী। তিনিও জনৰ পৰা এটা .৩২ পিষ্টল উদ্ধাৰ কৰা হয়।

এই ডকাইতি কাণ্ড সম্পর্কত গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে ২০২০ৰ নৱেম্বৰত দুধনৈৰ ডামৰা ৰোডত থকা “ইনষ্টাকাৰ্ট চাৰ্ভিছ প্ৰাইভেট লিমিটেডৰ (ফ্লিপকাৰ্টৰ) ডেলিভাৰী কেন্দ্ৰত নিশাৰ ভাগত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

নিশা ডকাইতৰ এটা দলে অস্ত্ৰ দেখুৱাই কেন্দ্ৰটোৰ পৰা লুট কৰি নিছিল প্ৰায় বাৰ লক্ষাধিক টকা ৷

এই ঘটনাত দুধনৈ থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ফ্লিপকাৰ্ট ডেলিভাৰী কেন্দ্ৰটোৰ চিচিটিভি ফুটেজৰ ওপৰত ভিত্তি কৰি দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতীৰ লগতে ৰংজুলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহ আৰক্ষীৰ এটা দলে অভিযান চলাই  দুখন স্কুটি আৰু এখন গ্লেমাৰ বাইকৰ লগতে নগদ ৪২ হেজাৰ টকা সহ সুনীল বড়ো, অৰূপ দৈমাৰী আৰু  কমল খাখলাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

উক্ত ডকাইতি কাণ্ডৰ লগত জড়িত আন তিনি গৰাকী ডকাইত ক্ৰমে দুধনৈ থানাৰ অন্তৰ্গত বগুলামাৰী গাওঁৰ অভিজিত বসুমতাৰী, ত্ৰুটি বসুমতাৰী আৰু বান্দৰ্শী গাওঁৰ জন্মেজয় বসুমতাৰীয়ে দীৰ্ঘদিন পলাই আছিল যদিও অৱশেষত তিনিওজন সোমবাৰে নিশা আৰক্ষীৰ জালত পৰে।

আৰক্ষীয়ে এতিয়ালৈ এই ঘটনাত জড়িত মুঠ ৬ জনক গ্ৰেপ্তাৰ কৰিছে।