NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ ক’ৰাল গ্ৰাসত বন্দী জীৱন! কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হ’ল এটি এমহীয়া শিশুৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 10, 2021 11:02 am
luma-pimentel-463423-unsplash-750x375

মাত্ৰ এমাহ বয়সৰ এটি শিশু সৰ্বকনিষ্ঠ শিশু হিচাপে কৰ’না ভাইৰাছত আক্ৰান্ত হৈ গ্ৰীচত মৃত্যুবৰণ কৰিছে। ৩৭ দিনীয়া শিশুটিয়ে ১৭দিন ধৰি কৰ’নাৰ সৈতে যুঁজ দিছিল।

গ্ৰীচৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিৎসোতাকিছে টুইটাৰত কয়,’’মৰ্মান্তিক ঘটনা যে কৰ’না মহামাৰীত আমাৰ দেশৰ সৰ্বকনিষ্ঠ এজনৰ মৃত্যু হৈছে।‘’

কিছুদিন পূৰ্বে শিশুটিৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

গ্ৰীচৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে,’’শিশুটিক যোৱা ফেব্ৰুৱাৰিৰ মাজভাগত জ্বৰত আক্ৰান্ত হোৱা অৱস্থাত এথেন্স চাইল্ড্ৰেন হাস্পাতলত ভৰ্তি কৰা হৈছিল। তাৰ পাছদিনাই শিশুটিক আইচিয়ুত ভৰ্তি কৰা হয়। যোৱা দেওবাৰে শিশুটিৰ মৃত্যু ঘটে।‘’

ইপিনে, দেশখনত কৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি পোৱাত হাস্পাতলসমূহত চাপৰ সৃষ্টি হৈছে। বাতৰি অনুসৰি, গ্ৰীচত কৰ’নাৰ ব্ৰিটেইনৰ ষ্ট্ৰেইনটো বিয়পি পৰিছে।

বাতৰি মতে, গ্ৰীচত বৰ্তমান ২৩হাজাৰ ৪০৬গৰাকী সক্ৰিয় কৰ’না ৰোগী আছে। দেশখনত এতিয়ালৈকে ৬হাজাৰ ৭৯৭গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে।