NORTHEAST NOW (Assamese)
অসম

মেজিকৰ ভাড়া বৃদ্ধিৰ প্ৰতিবাদত বৃঃ অঃ যুঃ মঃ আৰু অঃ জাঃ যু পঃৰ মৰঙী ৰাজহ চক্ৰ বিষয়াক স্মাৰকপত্ৰ

Posted by: এন ই নাও নিউজ July 5, 2018 11:48 am

ৰাজ্যখনত মোদী চৰকাৰে পেট্ৰ’ল-ডিজেল, খাদ্য সামগ্ৰী তথা শেহতীয়াকৈ ৰন্ধন গেছৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজাক মাধমাৰ শোধাই আহিছে। কিন্তু মন কৰিব লগীয়া যে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ সুবিধা লৈ একাংশ যান-বাহনে নিজৰ খেয়াল-খুচিমতে ভাড়া বৃদ্ধি কৰি আহিছে।

উল্লেখযোগ্য যে গোলাঘাট জিলাৰ মৰঙীৰ একাংশ মেজিকে নিজৰ ইচ্ছা মতে ভাড়া বৃদ্ধি কৰাত স্থানীয় ৰাইজ ব্যাপক সমস্যাৰ  সন্মুখীন হ’ব লগীয়া হৈছে। পূৰ্বৰ ২০ টকাৰ সলনি একাংশ মেজিকে নিজ ইচ্ছা মতে ২৫ টকাকৈ ভাড়া বৃদ্ধি কৰাত বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

ফলত বুধবাৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ মৰঙি আঞ্চলিক সমিতি আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মৰঙি আঞ্চলিক সমিতিয়ে মেজিকৰ ভাড়া বৃদ্ধিৰ বিৰোধিতা কৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

আৰু প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সংগঠন দুটাই মৰঙী ৰাজহ চক্ৰ বিষয়াক এক স্মাৰকপত্ৰ প্ৰদান কৰে। লগতে এই ক্ষেত্ৰত এক উচিত পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও ৰাজহ চক্ৰ বিষয়া গৰাকীক দাবী জনায়।