NORTHEAST NOW (Assamese)
অসম

যোৰহাট মেডিকেলত প্ৰথমবাৰৰ বাবে মুকলি হ’ল ৰাষ্ট্ৰীয়মানৰ নিউৰ’ছাৰ্জাৰী বিভাগ

Posted by: এন ই নাও নিউজ July 5, 2018 11:14 am

যোৰহাট মেডিকেল কলেজত নতুনকৈ সংযোজিত কৰি তোলা ৰাষ্ট্ৰীয়মানৰ নিউৰ’ছাৰ্জাৰী বিভাগটো বুধবাৰে মুকলি কৰা হয়।

উল্লেখযোগ্য যে মাজুলীৰ সু সন্তান তথা নিউৰ’ছাৰ্জন ডাঃ অমৃত শইকীয়াৰ নিৰলস প্ৰচেষ্টা আৰু স্বাস্থ্য বিভাগৰ লগতে ৰাজ্য চৰকাৰৰ সঁহাৰিৰ ফলশ্ৰুতিত যোৰহাট মেডিকেল কলেজত এই নিউৰ’ছাৰ্জাৰী বিভাগটো মুকলি কৰা হয়।

আনহাতে এই নিউৰ’ছাৰ্জাৰী বিভাগটো মুকলি অনুষ্ঠানত উপস্থিত থাকি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অত্যাধুনিক যন্ত্ৰপাতিৰে সজ্জিত এই বিভাগটোৱে গুৱাহাটী মেডিকেল কলেজকো চেৰ পেলাব বুলি মন্তব্য কৰে।

লগতে চিকিৎসক শইকীয়াৰ নিৰলস প্ৰচেষ্টা আৰু উৎসৰ্গিত মনোভাৱৰ বাবে স্বাস্থ্য বিভাগে নিউৰ’ছাৰ্জাৰী বিভাগটোৰ বাবে ১১ কোটি টকা মুকলি কৰি দিয়াৰ লগতে মাত্ৰ দুটা বছৰৰ ভিতৰতে বিভাগটো কাৰ্যক্ষম কৰি তোলাতো সম্ভৱ হৈছে বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

ইয়াৰ পূৰ্বে আদৰণী ভাষণত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ দেৱজিৎ হাজৰিকাই এয়া মহাবিদ্যালয় তথা উজনি ৰাইজৰ বাবে বৃহৎ প্ৰাপ্তি বুলি উল্লেখ কৰে।

বুধবাৰৰ অনুষ্ঠানটোত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, বিধায়কদ্বয় বিমল বৰা আৰু ভৱেন্দ্ৰনাথ ভৰালী, উপায়ুক্ত নাৰায়ণ কোঁৱৰকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।