NORTHEAST NOW (Assamese)
অসম

ৰঙিয়া ৰে’লৱে আৰক্ষীৰ অভিযানত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ ১০ গৰাকী মহিলা : দুজনক আটক

Posted by: এন ই নাও নিউজ May 16, 2018 8:42 pm

ৰঙিয়া ৰে’ল ষ্টেশ্যনত আজি ৰঙিয়া ৰে’লৱে আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই দুই মানৱ সৰবাৰহকাৰী আৰু মানৱ সৰবৰাহকাৰী কৱলৰ পৰা ১০ গৰাকী মহিলা তথা যুৱতীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰে পাঁচ গৰাকী মহিলা হোৱাৰ বিপৰীতে পাঁচগৰাকী নাবালিকা।

উল্লেখযোগ্য যে দুটা ভাগত বিভাক্ত মহিলা তথা নাবালিকা কেইগৰাকীক নতুন জলপাইগুৰিৰ পৰা ৰে’লেৰে দুই পৃথক স্থান ক্ৰমে নেপাল আৰু লুধিয়ানালৈ পঠিওৱাৰ কথা আছিল।

কিন্তু সেই সময়তে ৰে’লৱে আৰক্ষীয়ে এক অভিযান চলাই মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা মহিলা তথা নাবালিকা কেইগৰাকীক উদ্ধাৰ কৰাৰ লগতে দুই মানৱ সৰবৰাহকাৰীকো আটক কৰে।

প্ৰাপ্ত তথ্য মতে আৰক্ষীয়ে উদ্ধাৰ কৰা নাবালিকা কেইগৰাকী কামৰূপৰ ছয়গাঁৱৰ আৰু বাকী মহিলা কেইগৰাকী বিশ্বনাথ চাৰিআলিৰ বুলি জানিব পৰা গৈছে।

আনহাতে ধৃত দুই মানৱ সৰবৰাহকাৰী বাক্সা জিলাৰ নিৱাসী ৰাজীৱ মদাহী আৰু হেমন্ত মদাহী বুলি চিনাক্ত কৰিছে। ৰঙিয়া ৰে’লৱে আৰক্ষীয়ে ধৃত দুই মানৱ সৰবৰাহকাৰীৰ পৰা ভুৱা ড্ৰাইভিং লাইচেন্স, আধাৰ কাৰ্ড, পেন কাৰ্ড, এটি এম নেপালৰ ছীম কাৰ্ড উদ্ধাৰ কৰে।