NORTHEAST NOW (Assamese)
অসম

গোলাঘাট কাৰাগাৰৰ ২৪ জন কয়দীসহ ৩০ জন লোক ক’ৰ’নাত আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 15, 2020 7:07 am

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পাছত এই গোলাঘাট জিলা কাৰাগাৰত ঘটিছে ক’ৰ’নাৰ সংক্ৰমণ। গোলাঘাট নগৰত ক’ৰ’নাৰ ব্যাপক গণসংক্ৰমণ হোৱাৰ সমান্তৰালকৈ জিলা কাৰাগাৰখনতো ব্যাপক হাৰত গণসংক্ৰমন সংঘটিত হৈছে।

মঙলবাৰে গোলাঘাট জিলা স্বাস্থ্য বিভাগে জিলা কাৰাগাৰখনত ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে স্বোৱাব পৰীক্ষা কৰি ৩০ জন লোকৰ দেহত ক’ভিড ভাইৰাছ ধৰা পেলোৱাৰ ঘটনাই কাৰাগাৰৰ ভিতৰত সংঘটিত গণসংক্ৰমণৰ কথাকে প্ৰমাণ কৰিলে ।

ইয়াৰে ২৪ জন কয়দী আৰু ৬ জন জেইলৰ কৰ্মচাৰী।

কাৰাগাৰৰ ৪৯জন লোকৰ নমুনা পৰীক্ষা কৰিছিল জিলা স্বাস্থ্য বিভাগে। জিলা কাৰাগাৰ কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই কয়দীৰ মাজত গণ সংক্ৰমণৰ আশংকা কৰা হৈছে।

বিভিন্ন জিলাৰ পৰা ধৰি অনা অপৰাধীক কোনো ধৰণৰ টেষ্ট নকৰাকৈ কাৰাগাৰত ৰখাৰ বাবেই পূৰ্বৰে পৰা কাৰাগাৰত থকা কয়দীৰ শৰীৰত সংক্ৰমণ হোৱাৰ সন্দেহ।

কয়দীসকলৰ বাবে কাৰাগাৰৰ ভিতৰতেই অস্থায়ী ক’ভিদ চিকিৎসালয় নিৰ্মাণৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে।

কাৰাগাৰত সুকীয়াকৈ নিৰ্মাণ কৰা অস্থায়ী কোভিড চিকিৎসালয়ত চিকিৎসকৰ উপৰি নাৰ্ছ, স্বাস্থ্য কৰ্মী অনবৰতে নিয়োজিত হৈ থাকিব বুলি উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে জানিবলৈ দিয়ে।

ইতিমধ্যে এই খবৰ পোহৰলৈ অহাৰ পিছতে জিলা কাৰাগাৰত দণ্ডাধীশ আৰু জিলা স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।।