NORTHEAST NOW (Assamese)
অসম

অসমত মঙলবাৰে ৮৫৯ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ৬২৭ গৰাকী গুৱাহাটীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 15, 2020 7:43 am
Story-2-8-1140x570

১৪ জুলাই অৰ্থাৎ বুধবাৰে ৰাজ্যত মুঠ ৮৫৯ গৰাকী লোক ক’ভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হয়।

ক’ভিড-১৯ ত আক্ৰান্ত হোৱা ৮৫৯ গৰাকী লোকৰ ভিতৰত ৬২৭ গৰাকী লোক গুৱাহাটীৰ।

স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

ইয়াৰ ফলত ৰাজ্যত ক’ৰ’না আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৮,৬৬৬ গৰাকীলৈ বৃদ্ধি পালে।

দিনে দিনে ৰাজ্যত এইদৰে শ শ লোক ক’ৰ’না সংক্ৰমিত হোৱাৰ সংখ্যাই সকলোকে উদ্বিগ্ন কৰি তুলিছে।

বৰ্তমানলৈ ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ৪৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিভিন্ন চিকিৎসালয়ৰ পৰা মুঠ ১২,১৭৩ গৰাকী লোক ক’ৰ’না মুক্ত হৈ নিজ গৃহলৈ উভতি গৈছে।

বৰ্তমান মুঠ ৬৪৪৪ গৰাকী সক্ৰিয় ক’ৰ’না আক্ৰান্ত ৰোগী ৰাজ্যত চিকিৎসাধীন হৈ আছে।

মঙলবাৰে ৰাজ্যৰ বিভিন্ন চিকিৎসালয় চিকিৎসাধীন হৈ থকা ৭৫৭ গৰাকী ব্যক্তি ক’ভিড-১৯ মুক্ত হোৱাৰ বিপৰীতে ছগৰাকীৰ মৃত্যু হয়।