NORTHEAST NOW (Assamese)
অসম

নীতি আয়োগৰ বৈঠকৰ দিনাই মোডীক আক্ৰমণ ষ্টেলিনৰ! প্ৰধানমন্ত্ৰীক উদ্দেশ্যে কি ক’লে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 27, 2024 12:28 pm

কেন্দ্ৰত তৃতীয়বাৰৰ বাবে ক্ষমতাত বহাৰ পিছত মোডী চৰকাৰৰ প্ৰথমখন নীতি আয়োগ বৈঠক। শনিবাৰে পুৱা ১০ বজাৰ পৰা ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত আৰম্ভ হয় নীতি আয়োগৰ পৰিচালনা পৰিষদৰ বৈঠক। আৰু সেই বৈঠক আৰম্ভ হোৱাৰ তিনি ঘণ্টা পূৰ্বে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে টুইটাৰযোগে মোডীক আক্ৰমণ কৰে।

৮ মিনিট ১১ ছেকেণ্ডৰ ভিডিঅ’ ক্লিপিংত ষ্টেলিনে মোডীৰ বিৰুদ্ধে বিৰোধী শাসিত ৰাজ্যসমূহক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ ভাষাত “কিহৰ নীতি আয়োগ? এই চৰকাৰৰ কোনো নীতি আছে। তেওঁলোকে কেৱল উগ্ৰ হিন্দুত্বৰ উচটনি দিব জানে আৰু নিজৰ ৰাজ্যসমূহক ধন দিব জানে।”

লগতে পঢ়কঃ বিগত পাঁচ বছৰত বিদেশত ৬৩৩ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু! কোনখন দেশত আটাইতকৈ বেছি?

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকৰ মূল বিষয় হৈছে ‘বিকশিত ভাৰত’। ২০৪৭ চনত ভাৰতক উন্নত দেশৰ শ্ৰেণীলৈ লৈ যোৱাৰ লক্ষ্য আজিৰ বৈঠকত আলোচনা হোৱাৰ কথা।

অৱশ্যে কংগ্ৰেছৰ তিনিগৰাকী মুখ্যমন্ত্ৰীৰ বাহিৰেও তামিলনাডুৰ এম কে ষ্টেলিন আৰু কেৰালাৰ পিনাৰায় বিজয়নে বাজেটত বঞ্চনাৰ প্ৰতিবাদত এই বৈঠকত অংশগ্ৰহণ নকৰাৰ কথা উল্লেখ কৰিছিল। কিন্তু কিয় বৈঠকত যোগদান নকৰে, কাৰ বাবে মোডী চৰকাৰৰ বিকশিত ভাৰত – এইবোৰক লৈ আজি পুৱা ষ্টেলিনে টুইটাৰত পোষ্ট কৰা ৮ মিনিট ১১ ছেকেণ্ডৰ ভাষণটো যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

ষ্টেলিনে অভিযোগ কৰে যে এই বাজেট কেৱল হতাশাজনক নহয়, ৰাজ্যৰ জনসাধাৰণৰ প্ৰতিও এক বিশ্বাসঘাতকতা। বাছি বাছি বিজেপি শাসিত ৰাজ্যসমূহৰ বাবে আঁচনি ঘোষণা কৰা হৈছে। মোডী চৰকাৰৰ এই বঞ্চনাৰ কথা আমি তামিলনাডুৰ প্ৰতিজন মানুহক লগ কৰি তুলি ধৰিম।”