NORTHEAST NOW (Assamese)

মে’ত টাৱাঙৰ পৰা আৰম্ভ হ’ব ইণ্ডো-আছিয়ান কাৰ ৰেলী

April 8, 2018 5:36 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

ভাৰত চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ যুটীয়া উদ্যোগত আয়োজিত ছয়-ৰাষ্ট্ৰৰ ইণ্ডো-আছিয়ান কাৰ ৰেলী অহা ২৭ মে’ত টাৱাঙৰ পৰা শুভাৰম্ভ কৰা হ’ব।

ম্যানমাৰ, লাওছ, থাইলেণ্ড, ভিয়েটনাম আৰু কমবোডিয়াৰ মাজেৰে যাত্ৰা কৰিবলগীয়া উক্ত কাৰ ৰেলীয়ে ৩০ দিনত ৯০০০ কি মি দূৰত্ব সামৰি ল’ব বুলি জানিব পৰা গৈছে।

অহা ২০ জুনত মণিপুৰৰ ইম্ফলত এই ৰেলীৰ সামৰণি পৰিব।

উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই ৰেলী হৈছে এক্ট ইষ্ট নীতিৰ অধীনত ইণ্ডিয়া-আছিয়ান মৈত্ৰী সম্পৰ্কক অধিক দৃঢ় কৰাৰ এক প্ৰয়াস।

Related News