NORTHEAST NOW (Assamese)

মোদীৰ মণিপুৰ ভ্ৰমণৰ পূৰ্বে প্ৰস্তুতি সম্পৰ্কে বুজ ল’লে মুখ্য মন্ত্ৰী এন বীৰেন সিঙে

March 14, 2018 10:44 am · এন ই নাও নিউজ

অহা ১৬ মাৰ্চৰ দিনা ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী বিশেষ কাৰ্যসূচীৰ বাবে আহিব মণিপুৰৰ পূব ইম্ফল জিলাৰ লুৱাংছাংবামলৈ। প্ৰধান মন্ত্ৰী মোদীৰ ভ্ৰমণৰ সময়ত জিলাখনৰ নিৰাপত্তাৰ দিশ তথা জিলা প্ৰশাসনে কেনেধৰণে প্ৰস্তুতি চলায় আছে সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে মঙলবাৰে উক্ত অঞ্চল পৰিদৰ্শন কৰে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে ।

পূব ইম্ফল জিলাৰ নিৰাপত্তাজনিত পৰিস্থিতি সম্পৰ্কে বুজ লৈ মুখ্য মন্ত্ৰী বীৰেন সিঙে ৰাজ্যত কোনো ধৰণৰ অসম্পূৰ্ণ আঁচনিৰ শুভাৰম্ভণি কৰা নহয় বুলি স্পষ্ট ৰূপত প্ৰকাশ কৰে।

ইয়াৰ উপৰি মুখ্য মন্ত্ৰী সিঙে এই বিষয়ত অনাহকত ৰাজনীতি নকৰিবলৈ সকলো লোককে অনুৰোধ জনাইছে।

প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন অনুষ্ঠানৰ শুভাৰম্ভণি তথা আধাৰশিলা স্থাপনৰ উদ্দেশ্যেৰে মণিপুৰৰ পূব ইম্ফল জিলাৰ লংৱাংপকপা ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত এক বিশাল সভাত অংশ গ্ৰহণ কৰিব। ষ্টেডিয়ামৰ নিৰাপত্তাৰ লগতে প্ৰস্তুতি সম্পৰ্কে মুখ্য মন্ত্ৰী বীৰেন সিঙৰ লগতে শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ দলে পৰিদৰ্শন কৰে।

আনহাতে নিছু খেলপথাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান অৱতৰণ কৰাৰ বাবে অস্থায়ীভাৱে হেলিপেড নিৰ্মাণ কৰা হৈছে। মোদীৰ বিমান অৱতৰণ কৰিবলগীয়া খেলপথাৰৰো পুংখানু পুংখভাৱে নিৰাপত্তাৰ বুজ লয় মুখ্য মন্ত্ৰীৰ লগতে শীৰ্ষ বিষয়াৰ দলটোৱে।

ইফালে নিৰ্মাণ কাৰ্য চলি থকা চিভিল সচিবালয় আৰু মন্ত্ৰীপুখৰীস্থিত ৰাণী গাইদিনলু মেম’ৰিয়েল কমপ্লেক্সৰো কাম কাজৰ খতিয়ান লোৱা পৰিলক্ষিত হয় মুখ্য মন্ত্ৰীয়ে।

প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণ সম্পৰ্কত মুখ্য মন্ত্ৰী এন বীৰেন সিঙে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে ১৬ মাৰ্চৰ দিনা প্ৰধান মন্ত্ৰীৰ হতুৱাই ৰাজ্যখনৰ মুঠ ১৪ টা আঁচনিৰ শুভাৰম্ভণি তথা আধাৰশিলা স্থাপন কৰোৱা হ’ব।

ইয়াৰ উপৰি প্ৰধান মন্ত্ৰী মোদীয়ে মণিপুৰ বিশ্ববিদ্যালয়ত ১৬-২০ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰো শুভউদ্বোধন কৰিব বুলি জানিব পৰা গৈছে।

Related News