NORTHEAST NOW (Assamese)
অসম

মোৰাঝাৰ উঃ মাঃ বিদ্যালয়ৰ ১১০ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মেট্ৰিকত মাত্ৰ এজনহে উত্তীৰ্ণ : প্ৰধান শিক্ষকৰ পদত্যাগৰ দাবী

Posted by: নিখিল মুন্দ্ৰা May 29, 2018 10:43 am
মোৰাঝাৰ

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিছত সোমবাৰে হোজাই জিলাৰ মোৰাঝাৰ উচ্চতৰ মাধমিক বিদ্যালয়ৰ এক আশ্বৰ্যজনক ঘটনা পোহৰলৈ আহে।

উল্লেখযোগ্য যে যি সময়ত ৰাজ্যখনত বিভিন্ন চৰকাৰী বিদ্যালয় তথা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ভল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে ঠিক সেই সময়তে মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দেখা গ’ল এক বিপৰীত ছবি।

এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি মোৰাঝাৰ বিদ্যালয়খনৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ১১০ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মাত্ৰ এজনহে উত্তীৰ্ণ হ’বলৈ সক্ষম হয়।

ফলত এই ঘটনাক লৈ স্থানীয় ৰাইজ আৰু স্থানীয় বিভিন্ন দল-সংগঠনে বিদ্যালয়খনৰ সন্মুখত উপস্থিত হৈ বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীক পদত্যাগৰ দাবী তোলে।

আনহাতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে দাবী কৰা অনুসৰি বিদ্যালয়খনৰ পৰা ১১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাউস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে যদিও অভিভাৱক সকলে এই কথা অস্বীকাৰ কৰিছে।