NORTHEAST NOW (Assamese)
অসম

‘অপাৰেশ্যন সমুদ্ৰ সেতু’; ভাৰতীয় নৌ সেনা বাহিনীয়ে মালদ্বীপৰ পৰা মঙলবাৰে ঘুৰাই আনিলে ১৯৮ গৰাকী ভাৰতীয় লোকক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 24, 2020 8:36 am
‘অপাৰেশ্যন সমুদ্ৰ সেতু’; ভাৰতীয় নৌ সেনা বাহিনীয়ে মালদ্বীপৰ পৰা মঙলবাৰে ঘুৰাই আনিলে ১৯৮ গৰাকী ভাৰতীয় লোকক

অপাৰেশ্যন সমুদ্ৰ সেতুৰ অংশস্বৰূপে ভাৰতীয় নৌ সেনা বাহিনীৰ যুদ্ধ বিমান আই এন এছ আৰ্য্যভট্টই মঙলবাৰে ১৯৮ গৰাকী ভাৰতীয় নাগৰিকক মালদ্বীপৰ পৰা ভাৰতলৈ ঘুৰাই আনে।

এতিয়ালৈ ভাৰতীয় নৌ সেনা বাহিনীয়ে মালদ্বীপৰ পৰা ভাৰতলৈ মুঠ ২৩৮৬ গৰাকী নাগৰিকক ঘুৰাই আনিবলৈ সক্ষম হৈছে।

নৌ সেনা বাহিনীৰ বিষয়া কৰ্মচাৰী সকলে মালদ্বীপত আৱদ্ধ ভাৰতীয় নাগৰিক সকলক জাহাজত উঠাৰ পূৰ্বে প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে।

আনহাতে, যাত্ৰাৰ সময়ত স্বাস্থ্য বিভাগে বান্ধি দিয়া কোভিড-১৯ প্ৰতিৰোধী সকলো নীতি-নিৰ্দেশনা পালন কৰা হয়।

ভাৰত চৰকাৰৰ উদ্যোগত গ্ৰহণ কৰা এই উদ্ধাৰ অভিযানত মালদ্বীপৰ স্থানীয় প্ৰশাসনে স্ক্ৰীনিং, ইমিগ্ৰেশ্যন আদিৰ ক্ষেত্ৰত যথেষ্ট সহযোগিতা কৰে।

ভাৰতীয় নৌ সেনা বাহিনীয়ে অপাৰেশ্যন সমুদ্ৰ সেঁতুৰ অধীনত মালদ্বীপ, শ্ৰীলংকা আৰু ইৰাণৰ পৰা ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত বৰ্তমানলৈ মুঠ ৩৩০৫ গৰাকী লোকক ঘুৰাই আনিবলৈ সক্ষম হৈছে।