NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত হ’বলগীয়া ফিফা ১৭ বছৰ অনূৰ্দ্ধৰ বিশ্বকাপ মহিলা ফুটবলৰ তাৰিখ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 24, 2020 8:11 am
fifa-women-1140x570

অহা বছৰ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ফিফা ১৭ বছৰ অনূৰ্দ্ধৰ বিশ্বকাপ মহিলা ফুটবলৰ ছখন খেলৰ তাৰিখ ঘোষণা কৰিছে।

মঙলবাৰে ফিফাই সদৰি কৰা অনুসৰি গুৱাহাটীত প্ৰথমখন খেল অনুষ্ঠিত হ’ব ১৭ ফেব্ৰুৱাৰিত।

আনহাতে বাকী কেইখন খেলৰ তাৰিখ হৈছে ২০ ফেব্ৰুৱাৰি আ্‌ৰু ২৩ ফেব্ৰুৱাৰি।

গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া খেলকেইখনৰ ঘৰুৱা দল ভাৰতেই হ’ব বুলি জানিব পৰা গৈছে।

সন্মানীয় এই প্ৰতিযোগিতাখনৰ ছেমি ফাইনেল ৩ মাৰ্চত ভুৱনেশ্বৰ আৰু নবি মুম্বাইত আৰু ফাইনেলখন ৭ মাৰ্চত নবি মুম্বাইত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে মহিলাৰ এই টুৰ্ণামেণ্টখন চলিত বছৰৰ ২ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ক’ৰ’না ভাইৰাছৰ সংহাৰৰ বাবে এই টুৰ্ণামেণ্টখন অহা বছৰলৈ পিছুৱাই দিয়া হয়।

উল্লেখ্য যে এই প্ৰতিযোগিতাখনত বিশ্বৰ আগশাৰীৰ ১৬ খন দেশে অংশ গ্ৰহণ কৰিব।

বিশ্বকাপৰ মেচ সমূহ ভাৰতৰ পাঁচখন ঠাইত আয়োজন কৰা হৈছে। এই পাঁচখন চহৰ হ’ল- আহমেদাবাদ, ভুৱনেশ্বৰ, গুৱাহাটী, কলকাতা আৰু নবী মুম্বাই।