NORTHEAST NOW (Assamese)
অসম

মোৰ জাতিসত্তাক ধ্বংস কৰিব বিচৰাজনক মই সহ্য নকৰো : অখিল গগৈ

Posted by: এন ই নাও নিউজ July 21, 2018 11:50 am
20-07-18 Marigaon- KMSS against Citizenship amendment bill (2)

‘’দুবাহুত শক্তি থকা মই নিভাঁজ অসমীয়া। মোৰ জাতিসত্তাক ধ্বংস কৰিব বিচৰাজনক মই সহ্য নকৰিম। অসমীয়াৰ আৱেগ-অনুভূতিক পদাঘাত কৰি জাতীয় সংস্কৃতিক নিঃশেষ কৰিব খোজা পৰিকল্পনাক কোনো প্ৰকৃত অসমীয়াই মানি নলয়,’’-নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬-ৰ বিৰোধিতাৰে মৰিগাঁৱত ৩৫টা সংগঠনৰ উদ্যোগত আয়োজিত বিশাল সমাৱেশত ভাষণ দি কৃষক নেতা অখিল গগৈয়ে এইদৰে কয়।

‘’অসমীয়া জাতিসত্তাক হিন্দুত্বৰ দৰ্শনেৰে নিঃশেষ কৰাৰ পৰিকল্পনা কৰিলেও আমি অসমীয়া হৈয়ে থাকিম। জয় আই অসম ধ্বনি আছু, সাহিত্য সভা, যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি আদি সংগঠনে প্ৰথম উচ্চাৰণ কৰা নাছিল। ১৯১৫ চনতেই প্ৰথম জয় আই অসম ধ্বনি উচ্চাৰণ কৰিছিল সাহিত্যৰথী  লক্ষ্মীনাথ বেজবৰুৱাই,’’-গগৈয়ে কয়।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে ভাষণ প্ৰসংগত কয় যে ভাৰতবৰ্ষৰ ৭০ বছৰীয়া শাসন কালত একমাত্ৰ নৰেন্দ্ৰ মোডী চৰকাৰে অসমীয়াসকলৰ আটাইতকৈ বেছি ক্ষতি কৰিছে। নৰেন্দ্ৰ মোডীয়ে ‘ভায়ো বেহেনো’ বুলি কৈ আমাৰ মন জয় কৰি ঠগি আহিছে। এইক্ষেত্ৰত প্ৰতিজন অসমীয়াই সচেতন হোৱাৰ সময় সমাগত বুলি উল্লেখ কৰি কৃষক নেতা গগৈয়ে কয় যে নৰেন্দ্ৰ মোডীৰ চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰি অসমলৈ হিন্দু বাংলাদেশী আনি ভোট বেংক সৃষ্টি কৰিব বিচাৰিছে।

‘’কংগ্ৰেছেও বাংলাদেশী মুছলমানক সুৰক্ষা দি অসমত ভোট বেংকৰ ৰাজনীতি কৰিছিল। কিন্তু ১৯৭১ চনৰ পাছত অহা কোনো হিন্দু বা মুছলমান বিদেশী আমাৰ ইয়াত থাকিব নোৱাৰিব। গতিকে, এটা স্বতন্ত্ৰ জাতি অসমীয়াক শেষ কৰাৰ আগতে এবাৰ ভাবি চাওক,’’-অখিল গগৈয়ে এইদৰে ৰাইজক আহ্বান জনায়।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ ললিত চন্দ্ৰ  পাচনিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ‘মাছ’ৰ মুখ্য উপদেষ্টা তথা মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি বুবুমণি গোস্বামীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে অসমীয়া জাতিৰ লগতে ভাষাটোলৈ ভয়ংকৰ বিপদ কঢ়িয়াই আনিব বুলি মন্তব্য কৰে।

যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সম্পাদক মিণ্টু কুমাৰ নাথে আঁত ধৰা সভাখনত ৩৫টা জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।