NORTHEAST NOW (Assamese)
Popular Stories

পেলেষ্টাইনী সাংবাদিক ইয়াদ আলাষ্টললৈ ২০২৪ বৰ্ষৰ পিইচি বঁটা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 21, 2024 3:11 pm

প্ৰেছ এমব্লেম ক্যেম্পেইন বঁটা, ২০২৪ পেলেষ্টাইনী সাংবাদিক ইয়াদ আলাষ্টললৈ আগবঢ়োৱা হৈছে। স্মৰ্তব্য যে, ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা যুদ্ধ বিধ্বস্ত গাজা আৰু লেবাননত ১৫০ জনতকৈ অধিক সাংবাদিক নিহত হৈছে। অতি কম সময়ৰ ভিতৰতে যথেষ্ট সংখ্যক সাংবাদিকৰ মৃত্যুৰ এয়া এক অভূতপূৰ্ব ঘটনা। সেয়েহে পিইচিৰ এই বঁটা সেইসকল যথেষ্ট বিপদাশংকাৰ মাজতো কাম কৰি থকা সাংবাদিকৰ স্মৃতিক সন্মান জনোৱাৰ বাবে উৎসৰ্গিত৷

ইয়াদ আলাষ্টলে ২০১৯ চনত এক প্ৰকল্পৰ আৰম্ভণি কৰিছিল যাৰ জৰিয়তে তেওঁ গাজাৰ দৈনন্দিন জীৱনৰ ওপৰত প্ৰতিবেদন প্ৰকাশ কৰিছিল।

২০২৩ চনৰ অক্টোবৰত গাজাত আক্ৰমণ আৰম্ভ হোৱাৰ পৰা তেওঁ ফৰাচী আৰু পশ্চিমীয়া সংবাদ মাধ্যমৰ বাবে কৰ্মৰত। তেওঁ গাজাৰ চহৰ ৰাফাত হোৱা আক্ৰমণৰ পৰা কোনমতে ৰক্ষা পৰি ফেব্ৰুৱাৰীত পৰিয়ালৰ সৈতে ফ্ৰান্সলৈ পলাই গৈছিল।

এই বঁটা গ্ৰহণ কৰি আলাষ্টালে গাজাৰ দুৰ্বিষহ জীৱনৰ বৰ্ণনা কৰে৷

উল্লেখ্য যে, পিইচিয়ে ২০০৯ চনৰ পৰা প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি আহিছে। ছুইজাৰলেণ্ডৰ জৰ্ডি ফাইণ্ডেচনৰ দ্বাৰা ৫০০০ ছুইছ ফ্ৰাংকৰ সৈতে এই বঁটা প্ৰদান কৰা হয়।