NORTHEAST NOW (Assamese)
Popular Stories

IIT-IIM-ত নপঢ়াকৈও ৬০ লাখ টকাৰ চাকৰি; কি ডিগ্ৰী দেখি গুগলে মাতি নিলে যুৱতীগৰাকীক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 21, 2024 2:59 pm
IIT-IIM-ত নপঢ়াকৈও ৬০ লাখ টকাৰ চাকৰি; কি ডিগ্ৰী দেখি গুগলে মাতি নিলে যুৱতীগৰাকীক

এই সুখৰ খবৰটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে ছোৱালীজনীয়ে। তেওঁ জনায় যে গুগলৰ পৰা তেওঁ বছৰি ৬০ লাখ টকাৰ চাকৰিৰ প্ৰস্তাৱ লাভ কৰিছে। যুৱতীগৰাকীৰ এই পোষ্টৰ পিছতে নেট মাধ্যমত প্ৰশংসাৰ জোৱাৰ উঠিছে। প্ৰশ্ন উত্থাপন হ’ল, তেওঁ কি পঢ়া-শুনা কৰিছে, যাৰ বাবে গুগলে নিজেই তেওঁক ইমান লাভজনক চাকৰিৰ অফাৰ দিলে।

অৱশ্যে যুৱতীগৰাকীয়ে কোৱা কথাত বহুতে আচৰিত হৈছে, কাৰণ এই যুৱতীগৰাকীয়ে কোনো আই আই টি, আই আই এমত পঢ়াশুনা কৰা নাছিল, বৰঞ্চ সাধাৰণ ইঞ্জিনিয়াৰিং কলেজৰ পৰা বি টেক কৰিছিল। কিন্তু তেওঁ কেনেকৈ গুগলৰ দৃষ্টি আকৰ্ষণ কৰিলে?

বিহাৰৰ ভাগলপুৰৰ ছোৱালী অলংকৃতা সাক্ষী। এতিয়া ছ’চিয়েল মিডিয়াৰ এক বৃহৎ অংশৰ দৃষ্টি তেওঁৰ ওপৰত কেন্দ্ৰিত। তেওঁ ছ’চিয়েল মিডিয়াত জনায় যে তেওঁ গুগলত ছিকিউৰিটি এনালাইষ্ট হিচাপে যোগদান কৰিছে। তেওঁৰ এই যাত্ৰাৰ পথত সহায় কৰা আৰু কাষত থিয় দিয়া সকলোকে অলংকৃতাই ধন্যবাদ জ্ঞাপন কৰে। দেউতাকৰ চাকৰিৰ সূত্ৰে বহুদিনৰ পৰাই তেওঁ হাজাৰিবাগত আছে।

জৱাহৰ নবোদয়ত অধ্যয়নৰ পিছত তেওঁ ইউনিভাৰ্চিটি কলেজ অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজিৰ পৰা অভিযান্ত্ৰিক শাখাত উত্তীৰ্ণ হয়। কলেজত পঢ়ি থাকোঁতে চাকৰি পায়। ইতিমধ্যে তেওঁ উইপ্ৰ’কে ধৰি কেইবাটাও কোম্পানীত কাম কৰি আহিছে। কিন্তু সপোন আছিল গুগলত কাম কৰা। আৰু এতিয়া সেই সপোন পূৰণ হ’ল। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগে লগে বহুতে তেওঁৰ অধ্যয়নৰ সবিশেষ জানিবলৈ ইচ্ছা কৰিছে।