NORTHEAST NOW (Assamese)

ম্যানমাৰ এছিয়ান জুনিয়ৰ-কেডেট টেবুল টেনিছৰ ভাৰতীয় দলত অসমৰ তৃষা

August 10, 2018 8:19 am · এন ই নাও নিউজ
টেবুল টেনিছ খেলুৱৈ তৃষা গগৈৰ ফাইল ফটো

প্ৰতিভাধৰ টেবুল টেনিছ খেলুৱৈ তথা পেডলাৰ অসমৰ তৃষা গগৈৰ বাবে আহিছে আন এক সুখবৰ। ম্যানমাৰত অনুষ্ঠিত হ’বলগীয়া ২৪ সংখ্যক এছিয়ান জুনিয়ৰ আৰু কেডেট টেবুল টেনিছ চেম্পিয়নশ্বীপৰ বাবে ঘোষণা কৰা ভাৰতীয় দলত স্থান লাভ কৰিছে তৃষাই।

অহা ১৩ৰ পৰা ১৮ আগষ্টলৈ চলিব লগীয়া প্ৰতিযোগিতাখনত তৃষাৰ উপৰি ভাৰতীয় দলৰ হৈ আন ১৫ গৰাকী খেলুৱৈয়েও অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে সদ্য সমাপ্ত অৰ্থাৎ জুলাই মাহৰ শেষৰ ফালে অনুষ্ঠিত হোৱা জৰ্ডান বিশ্ব জুনিয়ৰ চাৰ্কিট আৰু কেডেট অ’পেনত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি তৃষাই দলীয় শাখাত ৰূপৰ পদক আৰু ডাবলছত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

স্মৰ্তব্য যে চলিত বছৰৰ আৰম্ভণিতে তৃষাই চেক গণৰাজ্যত অনুষ্ঠিত হোৱা আই টি টি এফ প্ৰিমিয়াৰ জুনিয়ৰ আৰু কেডেট অ’পেনত, ২০১৭ চনত বিশ্ব জুনিয়ৰ চাৰ্কিটত ভৰতীয় দলক প্ৰতিনিধিত্ব কৰি যথেষ্ট অভিজ্ঞতা আহৰণ কৰি থৈছে।

আনহাতে ২০১৭ বৰ্ষৰ পৰা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰা উন্নত প্ৰদৰ্শনৰ বাবেই তৃষাই এইদৰে ভাৰতীয় দলৰ হৈ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাই আহিছে।

Related News