NORTHEAST NOW (Assamese)
অসম

মৰাণত আন্তঃৰাজ্যিক তেল চোৰ চক্ৰ উৎখাত

Posted by: অভিক চক্ৰবৰ্তী January 21, 2018 9:50 pm
ধৃত ৬ তেলচোৰ

যোৱা শনিবাৰে আৰক্ষীয়ে মৰাণৰ নাহৰণি বৰবাম অঞ্চলৰ পৰা এক আন্তঃৰাজ্যিক তেল চোৰ চক্ৰক আটক কৰে।

ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰৰ নেতৃত্বত যোৱা মৰাণ আৰক্ষীৰ এটা দলে যোৱা নিশা অঞ্চলটোত অভিযান চলাই কেইবাটাও ড্ৰাম ভৰ্তি ১০ হাজাৰ লিটাৰ খাৰুৱা তেল আৰু ডিজেল জব্দ কৰে।

আৰক্ষীয়ে উক্ত চক্ৰটোৰ সৈতে জড়িত ৬ জন লোকক আটক কৰিছে বুলি জানিব পৰা গৈছে। আটকাধীন লোক কেইজন হৈছে ৰবিন দিহিঙীয়া, ক্ষীৰোদ দিহিঙীয়া, তবাৰুক আলী, সৌৰভজ্যোতি দিহিঙীয়া, কৃষ্ণ জ্যোতি দিহিঙীয়া আৰু বিতোপন মোহন।  লোককেইজনৰ পৰা এখন ট্ৰাক আৰু এখন কাৰ জব্দ কৰা হৈছে বুলি মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি ফুকনে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে আৰক্ষীয়ে উক্ত চক্ৰটোৰ পৰা খাৰুৱা তেল আৰু ডিজেল মজুত ৰখাৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীও জব্দ কৰে।

এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে চক্ৰটোৱে যোৱা কেইবা বছৰৰ পৰা ৰাজনৈতিক নেতা তথা অসামৰিক বিষয়াৰ সৈতে লগ হৈ তেল চুৰি কাৰ্য চলাই আহিছিল।