NORTHEAST NOW (Assamese)
অসম

মৰাণৰ বিদ্যালয়ত নাবালিকা ছাত্ৰীক ‘নিৰ্য্যাতন’ শিক্ষকৰ; অভিযুক্তক গ্ৰেপ্তাৰ

Posted by: অভীক চক্ৰবৰ্তী May 19, 2018 7:29 pm
minor girl harrased

মৰাণ ( Moran )ৰ নেহৰু হিন্দী বিদ্যালয়ৰ শুভ নাৰায়ন নামৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে এগৰাকী ১৩ বছৰীয়া নাবালিকা ছাত্ৰীক বিদ্যালয়ত নিৰ্য্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি ঘটনাটো কাৰোবাক জনালে ছাত্ৰীগৰাকীৰ মাক-দেউতাকক জে’ললৈ পঠাব বুলি শিক্ষকজনে ভাবুকি দিছিল।

ঘটনাটো যোৱা ১৫ মে’তে ঘটিছিল যদিও ভয় খোৱা নাবালিকাগৰাকীয়ে ১৮ মে’তহে দেউতাকক জনোৱাত ঘটনাটো পোহৰলৈ আহে। কিন্তু শুকুৰবাৰে ঘটনাটো পোহৰলৈ অহাৰ লগে লগে স্থানীয় লোকসকল আহি বিদ্যালয়তে শিক্ষকজনক মাৰপিট কৰে।

আৰক্ষী আহি অভিযুক্তজনক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰি নিয়ে। ইতিমধ্যে শিক্ষকজনৰ বিৰুদ্ধে ছাত্ৰীগৰাকীৰ অভিভাৱকে এখন এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে ঘটনাটোৰ তদন্ত চলাই আছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

আৰক্ষীৰ সূত্ৰ মতে ‘মঙলবাৰে আবেলি খোৱাপানী আনিবলৈ আন ছাত্ৰীৰ সৈতে ছাত্ৰীগৰাকীও গৈছিল। শিক্ষকজনে বাকী ছাত্ৰীসকলক যাবলৈ কৈ ছাত্ৰীগৰাকীক নিৰ্য্যাতন কৰে।’