NORTHEAST NOW (Assamese)
অসম

বানপানীয়ে ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰ উটুৱাই নিয়া স্থানত উপস্থিত মন্ত্ৰী ফণীভূষণ চৌধুৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 16, 2019 4:35 pm
Fanibhusan Choudhuri

ভয়াবহ বানপানীৰ বাবে সমগ্ৰ ৰাজ্যৰ ২৮ খনতকৈও অধিক জিলা জলমগ্ন হোৱাৰ লগতে প্ৰায় ২৬ লাখ লোক বানপানীৰ কবলত পৰে।

সোমবাৰে বানপানীয়ে দক্ষিণ শালমাৰা জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ উটুৱাই নিয়াৰ পাছত আজি সেই স্থান পৰ্য্যবেক্ষণ কৰাৰ বাবে উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী।

চৌধুৰীয়ে সতীৰ্থ জাভেদ ইছলাম আৰু স্থানীয় জিলা উপায়ুক্তৰ সৈতে বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা সীমান্ত অঞ্চল পৰিদৰ্শন কৰি চৰকাৰে এই ক্ষেত্ৰত শীঘ্ৰেই কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।

আনহাতে, সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰখন সীমান্ত সুৰক্ষাৰ দিশত অতিশয় দায়িত্বশীল বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে মুখ্য মন্ত্ৰী সোণোৱালৰ নিৰ্দেশমতে সেই স্থান পৰিদৰ্শন কৰাৰ বাবে উপস্থিত হৈছে বুলি উল্লেখ কৰে।

তদুপৰি, ফণীভূষণ চৌধুৰীয়ে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত চৰকাৰে সোনকালে ক্ষতিগ্ৰস্ত কাঁইটীয়া তাঁৰৰ বেৰ আৰু সংলগ্ন পথছোৱা মেৰামতিৰ ব্যৱস্থা কৰিব বুলি মত প্ৰকাশ কৰে।

সাংবাদিকে দক্ষিণ শালমাৰ জিলাত এতিয়ালৈ কিয় বান সাহায্য দিয়া হোৱা নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত চৌধুৰীয়ে কয় যে দুই এদিনৰ ভিতৰতে জিলাখনত বান সাহায্য প্ৰদান কৰা হ’ব উল্লেখ কৰি কয় যে জিলা উপায়ুক্তগৰাকীয়ে এইক্ষেত্ৰত সকলো দিশ সুকলমে তদাৰক কৰি আছে।