মাজুলীত বান পৰিস্থিতি পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে

ৰাজ্যত ক্ৰমাৎ অৱনতি ঘটা বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ বাবে আজি নদী দ্বীপ মাজুলিত উপস্থিত হৈছে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত।
ৰাতিপুৱা মাজুলীত উপস্থিত হোৱা কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীয়ে নদী দ্বীপটোত উপস্থিত হৈ আউনিআটী হাইস্কুলত স্থাপন কৰা বানাক্ৰান্তৰ সাহায্য শিৱিৰ পৰিদৰ্শন কৰে।
আউনিআটী হাইস্কুল শিৱিৰ পৰিদৰ্শন কৰাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যিক জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে হেলিকপ্টাৰেৰে মাজুলীৰ বিভিন্ন বান আক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে আৰু আবেলি মাজুলী আউনীআটী সত্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ত থকা আশ্ৰয় শিৱিৰ পৰিদৰ্শন কৰি উভতি যায়।
মাজুলীৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ চৰকাৰে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।
উল্লেখযোগ্য যে, আজি সপ্তম দিনাও মাজুলীৰ বান পৰিস্থিতিৰ বিশেষ উন্নতি ঘটা নাই। বৰ্তমানলৈ নদী দ্বীপ জিলাখনৰ ৯১ খন ৰাজহ গাঁৱৰ ৭৮,৫৬৭ গৰাকী লোক বানপানীৰ কৱলত পৰিছে।
মাজুলীৰৰ মুঠ ১৭৩ খন শিক্ষানুষ্ঠান জলমগ্ন হোৱাৰ ফলত আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। জলমগ্ন হোৱা বিদ্যালয়সমূহৰ ভিতৰত ৮ খন উচ্চ মাধ্যমিক বিদ্যালয়, ১৪২ খন প্ৰাথমিক বিদ্যালয় আৰু ২৩ খন মাধ্যমিক বিদ্যালয়।
জিলা প্ৰশাসনে মাজুলীৰ আশ্ৰয় শিৱিৰত থকা বানাক্ৰান্ত সকলক প্ৰয়োজনীয় সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত অহৰহ কাম কৰি আছে বুলি খবৰ লাভ কৰা গৈছে।