NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত মৰ্মান্তিক পৰিস্থিতি, বানত অদ্যপি প্ৰাণ হানি ৪টা গঁড়সহ ২৮টাকৈ জন্তুৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া July 16, 2019 5:16 pm
Assam flood: 28 animals lost lives in Kaziranga national park

সমগ্ৰ অসম ছানি ধৰা চলিত বানে মৰ্মান্তিক পৰিস্থিতিৰ সৃষ্টি কৰিছে কাজিৰঙাত।

মঙলবাৰ-পৰ্য্যন্ত বানত প্ৰাণ হেৰুওৱা ২৮টা জন্তু চিনাক্ত কৰা হৈছে, ৰাষ্ট্ৰীয় উদ্যানখনৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াই জনায়।

কিন্তু মৃত জন্তুৰ সংখ্যা আৰু অধিক হোৱাটো নিশ্চিত, কাৰণ বানৰ পৰা প্ৰাণৰক্ষাৰ তাড়নাত জন্তুবোৰ যেনিয়ে তেনিয়ে ঢাপলি মেলিছে।

যোৱা কেইদিনত তিনিটাকৈ গঁড় মৃত্যুমুখত পৰাৰ পিছত মঙলবাৰে পুৱা আৰু এজনী গঁড়ে প্ৰাণ হেৰুৱাইছে।

প্ৰাণ বচাবলৈ কাৰ্বি আংলং পাহাৰলৈ ওলাই যোৱা গঁড়জনী পাহাৰৰ পৰা পিছলি পৰি মৃত্যুক সাবতি লয়।

ইয়াৰ পূৰ্বে চলিত বানত উদ্যানখনৰ বাগৰি বনাঞ্চলত এটা প্ৰাপ্তবয়স্ক মতা গঁড়, কহঁৰা বনাঞ্চলৰ হালধিবাৰী বন শিবিৰ এলেকাত এটা পোৱালি গঁড় আৰু অগৰাতলি বনাঞ্চলত এটা গঁড়ৰ মৃত্যু হৈছে।

ডি এফ অ’গৰাকীয়ে লগতে জনোৱা মতে, বানৰ সময়চোৱাত ৩৭নং ৰাষ্ট্ৰীয় পথত ৮টা ছাগলী পহু আৰু এটা শৰ পহু, পানীত পৰি ৫টা ছাগলী পহু, ১টা গাহৰি আৰু ৩টা গঁড়ৰ মৃত্যু হোৱাৰ লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ৫টা ছাগলী পহুৱে৷

এতিয়ালৈকে কাজিৰঙাৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰা মুঠ ৩১টা পহু পাণবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হৈছে।

চিকিৎসাৰ পাছত ইয়াৰে ২৩টা পহুক পুনৰ বনাঞ্চলত মুকলি কৰি দিয়া হয় যদিও ৪টা পহুৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছে। বাকী ৪ টা পহু এতিয়া কেন্দ্ৰটোত চিকিৎসাধীন হৈ আছে৷

বন বিভাগৰ লগতে বিভিন্ন বেচৰকাৰী সংস্থা আৰু স্থানীয় ৰাইজে বনৰীয়া জীৱ-জন্তুবোৰক সহায় আগবঢ়াইছে।

টুইটাৰতো অসমৰ বিশেষকৈ অসমৰ বাহিৰত থকা যুৱক-যুৱতীসকলে চলিত বানৰ বিভীষিকা তুলি ধৰাৰ চেষ্টা কৰিছে। বানক ৰাষ্ট্ৰীয় দুৰ্য্যোগৰূপে ঘোষণা কৰা আৰু অসমক বিশেষভাৱে সাহায্য দিয়াৰো দাবী উত্থাপিত হৈছে।

ইপিনে মঙলবাৰে পুৱাৰে পৰা কাজিৰঙাৰ মাজেৰে যোৱা ৩৭নং ৰাষ্ট্ৰীয় পথ যাতায়াতৰ বাবে পুনৰ মুকলি কৰি দিয়া হৈছে৷