NORTHEAST NOW (Assamese)
অসম

কলকাতাৰ বোৱাৰী হ’বগৈ ‘জানমণি’; আজি গাত সানিলে মাহ-হালধি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 10, 2019 5:23 pm

অসমৰ জীয়ৰী হ’বগৈ কলকাতাৰ বোৱাৰী। অসমৰ জানমণি বুলি খ্যাত শ্যামন্তিকা শৰ্মাই গাত সানিলে মাহ হালধি। আজি বিবাহকাৰ্য্য সম্পন্ন হয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ।

মহানগৰীৰ ভাৰলুস্থিত শুকলেশ্বৰ দেৱালয়ত মাংগলিক কাৰ্যৰে সম্পন্ন হয় বিবাহ। কাইলৈৰ পৰা কলকাতাৰ বোৱাৰী হ’বগৈ অসমৰ জানমণি তথা অভিনেত্ৰী শ্যামন্তিকা।

কলকাতাৰ দৰা সুপ্ৰতিম দাসৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল অভিনেত্ৰীগৰাকী। সুপ্ৰতিম দাস নৌসেনাৰ এগৰাকী বিষয়া। কেপ্তেইন সুপ্ৰতিম বৰ্তমান দেনমাৰ্কত কৰ্মৰত।

সম্পূৰ্ণ অসমীয়া পৰম্পৰাৰে সম্পন্ন হয় বিবাহ কাৰ্য্য। বৈদিক কাৰ্যৰে সম্পন্ন হয় এই বিবাহ।

গুৱাহাটীত বিবাহকাৰ্য সম্পন্ন হোৱাৰ পিছতে কাইলৈ ২ বজাত কলকাতালৈ বিমানযোগে ৰাওনা হ’ব শ্যামন্তিকা দম্পতী। কলকাতাতো হ’ব অভ্যৰ্থনা অনুষ্ঠান।

কেইবাখনো অসমীয়া ছবি আৰু ভিডিঅ’ ছবিত অভিনয় কৰিছে শ্যামন্তিকাই। ‘জানমণি’ ভিচিডিখনৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল অভিনেত্ৰীগৰাকী।