NORTHEAST NOW (Assamese)
Popular Stories

দলৰ জ্যেষ্ঠ নেতাসকলৰ পৰা প্ৰতিবাদকাৰী কৃষকক বিপথে পৰিচালিত কৰাৰ ‘মন্ত্ৰ’ বিচাৰিলে বিজেপি কৰ্মীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 24, 2021 12:18 pm

সোমবাৰে হাৰিয়ানাৰ এখন দলীয় সভাত বিজেপিৰ এগৰাকী কৰ্মীয়ে প্ৰদান কৰা এটা বক্তব্য চৰ্চিত হৈ পৰিছে।

বিজেপি কৰ্মীজনে সভাখনত জ্যেষ্ঠ নেতাসমূহক সোধে যে কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা কৃষকসকলক কিদৰে বিপথে পৰিচালিত কৰিব পাৰি।

হাৰিয়ানাৰ গুৰগাঁৱত অনুষ্ঠিত সভাখনত হাৰিয়ানা বিজেপিৰ সভাপতি অ.পি. শংকৰ, ৰাজ্যখনৰ ক্ৰীড়ামন্ত্ৰী সন্দীপ সিং আৰু সাংসদ ব্ৰিজেন্দ্ৰ সিঙো উপস্থিত আছিল।

সভাখনত বিজেপি কৰ্মীজনে প্ৰদান কৰা উক্ত বক্তব্যৰ ভিডিঅ’ ক্লিপছটো টুইটাৰত শ্বেয়াৰ কৰি কংগ্ৰেছ নেতা ৰণদ্বীপ সূৰ্যেৱালাই সকলোৰে দৃষ্টিগোচৰ কৰে।

বিজেপি কৰ্মীজনে হিন্দীত কোৱা কথাখিনি এনেধৰণৰ- ‘‘সন্মানীয় সভাপতি ডাঙৰীয়া, এইটো ঠিক হোৱা নাই। তেওঁলোকে বুজি পোৱা নাই। আমি তেওঁলোকক বুজাবলৈ বিচাৰিছো, কিন্তু তেওঁলোকক তাৰবাবে বিপথে পৰিচালিত কৰিব, আমাক দুই-চাৰিটামান মন্ত্ৰ শিকাওক যাতে তেওঁলোকক বিপথে পৰিচালিত কৰিব পাৰি।’’

‘‘এয়াই বিজেপিৰ প্ৰকৃত মুখ, যি তেওঁলোকে কৃষকসকলৰ আগত প্ৰদৰ্শন কৰা নাই।’’ কংগ্ৰেছ নেতা সূৰ্যেৱালাই টুইটটোত কয়।

শেহতীয়াকৈ হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰপ্ৰদেশত বিজেপিয়ে ৰাজনৈতিক কেম্পেইন সাজু কৰিছে যাতে উক্ত ৰাজ্যসমূহৰ অনাগত বিধানসভা নিৰ্বাচনত কৃষক আন্দোলনটোৱে কোনোধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে।