NORTHEAST NOW (Assamese)
Popular Stories

‘চৰকাৰে তিনি কৃষি আইন বাতিল নকৰিলে কৃষকে সংসদ ভৱন ঘেৰাও কৰিব’; ৰাকেশ টিকাইত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 24, 2021 12:09 pm
index.jpg

কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত তিনি কৃষি আইন বাতিল নকৰিলে কৃষকে সংসদ ভৱন ঘেৰাও কৰিব। এই কথা প্ৰকাশ কৰিছে কৃষক নেতা ৰাকেশ টিকাইতে।

কৃষক নেতাগৰাকীয়ে এই ‘দিল্লী মাৰ্চ’ৰ বাবে কৃষকসকলক সাজু হৈ থাকিবলৈও আহ্বান জনাইছে।

মংগলবাৰে সংযুক্ত কিষাণ মৰ্চাৰ দ্বাৰা ৰাজস্থানত আয়োজিত কিষাণ মহাপঞ্চায়ত কৃষকক সম্বোধি কৃষক নেতা ৰাকেশ টিকাইতে কয়, “এতিয়া সংসদ ভৱন ঘেৰাও কৰাৰ সময় আহিছে। আমি সোনকালে ‘দিল্লী মাৰ্চ’ ঘোষণা কৰিম। এইবাৰ পূৰ্বৰ ৪ লাখ ট্ৰেক্টৰৰ পৰিৱৰ্তে ৪০ লাখ ট্ৰেক্টৰ থাকিব।”

কৃষকক সম্বোধি দিয়া ভাষণত টিকাইতে আৰু কয় যে ইণ্ডিয়া গেটৰ ওচৰৰ উদ্যানবোৰৰ মাটি চহাই এইবাৰ কৃষকে খেতিও কৰিব।

যোৱা ২৫ জানুৱাৰিৰ দেশৰ কৃষকসকলক বদমানী কৰাৰ বাবে দুষ্টচক্ৰই ষড়যন্ত্ৰ কৰি ৰাজধানীত হিংত্মাক কাৰ্য সংঘটিত কৰিছিল বুলিও দাবী কৰে টিকাইতে।

“দেশৰ কৃষকসকলে ত্ৰিৰংগা ভাল পায়, কিন্তু দেশৰ নেতাসকলে নেপায়।” টিকাইতে কয়।

আনহাতে সংযুক্ত কিষাণ মৰ্চাৰ নেতাসকলে আলোচনা কৰি দিল্লী মাৰ্চৰ দিন সোনকালে ঘোষণা কৰিব বুলি মন্তব্য কৰে কৃষক নেতাগৰাকীয়ে।

ইয়াৰ লগতে টিকাইতে মুকলিভাৱে চৰকাৰক প্ৰত্যাহ্বান জনায় কয় যে যদি চৰকাৰে তিনি বিতৰ্কিত কৃষি আইন বাতিল নকৰে, এমএছপি নিৰ্ধাৰণ নকৰে তেনে দেশৰ কৃষকসকলে ডাঙৰ ডাঙৰ কোম্পানীসমূহৰ গোদাম ঘৰ ভাঙি পেলাব।

মংগলবাৰে ৰাজস্থানত আয়োজিত কিষাণ মহাপঞ্চায়তত স্বৰাজ ভাৰতৰ নেতা যোগেন্দ্ৰ যাদৱ, সৰ্বভাৰতীয় কিষাণ সভাৰ ৰাষ্ট্ৰীয় উপ সভাপতি অমৰ ৰাম, কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক চৌধুৰী যুধবীৰ সিংসহ অন্যান্য বহু কৃষক নেতা উপস্থিত থাকে।