কপাল ফুলিল! চাওক, কেনেকৈ লাখপতি হ’ল কৃষ্ণাইৰ মাছ ব্যৱসায়ী ইউছুফ?

জুৱা খেলি বা কোনো অবৈধ উপায়েৰে নহয়, কিন্তু কেনেকৈ ভাগ্যৰ দুৱাৰ খোল খালে কৃষ্ণাইৰ মাছ ব্যৱসায়ী ইউছুফৰ?
কৃষ্ণাইৰ ইউচুফ আলী হুছেইন, পেচাত এগৰাকী মাছ ব্যৱসায়ী ৷ ৰাতিপুৱাই চাইকেলেৰে মানুহৰ ঘৰে ঘৰে গৈ মাছ বিক্ৰী কৰে ৷
দিনটো কষ্ট কৰি ভাতমুঠিৰ ব্যৱস্থা কৰা ইউচুফ এতিয়া লাখপতি, এক ঘন্টা সময়ৰ ভিতৰতে লাভ কৰিলে এক লাখ টকা ৷
মাছৰ ব্যৱসায়েৰে থকা ঘৰটোও মেৰামতি কৰিব নোৱাৰা ইউচুফে ঘৰৰ দুটাকৈ গৰু বিক্ৰী কৰি ঘৰ এটা সজাৰ মন মেলিলে৷ তেনেকৈয়ে ঘৰ বনাই থকাৰ মাজতে আহিলে আচৰিত কৰি দিয়া এই ভাল খবৰটো ৷
ইউচুফ আলীয়ে ঘৰ বনাবলৈ এখন চিমেণ্টৰ দোকানৰ পৰা লৈ আহিছিল চিমেণ্ট ৷ সেই চিমেণ্টৰ বস্তাৰ ভিতৰত আছিল এখন কুপন, যিখন কুপনত লিখা আছিল এক লাখ টকা ৷
সেইখন দেখি ইউচুফ হতবাক, বিশ্বাস কৰিব নোৱাৰি লগে লগে দৌৰি গৈ চিমেণ্টৰ দোকান পালেগৈ ৷ তাত কুপনখন দেখুৱাত তেওঁলোকেও ক’লে যে এয়া সত্য ৷
অহা দুই এদিনৰ ভিতৰতে ইউচুফৰ হাতত পৰিব এক লাখ টকা ৷ তেওঁ এতিয়া আনন্দত আত্মহাৰা ।