NORTHEAST NOW (Assamese)
অসম

হাৰমতিত যুৱতী নিৰ্যাতনৰ ঘটনা; যুৱতীক গাড়ীত উঠাই অপহৰণৰ চেষ্টা কুঠৰীৰ দুই যুৱকৰ

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা May 30, 2021 11:08 am
Girl molested

কলিয়াবৰৰ কুঠৰী হাৰমতিত যুৱতী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। যুৱতীক অসৎ চৰিতাৰ্থ পূৰণৰ অপচেষ্টা চলায় দুজন যুৱকে।

অকলশৰীয়া অৱস্থাত যুৱতীগৰাকীক হাতত ধৰি টনা-আজোৰা কৰে যুৱক দুজনে। পানী আনিবলৈ যাওতেই যুৱক দুজনে এইদৰে যুৱতীগৰাকীক নিৰ্যাতন চলায়।

তেওঁলোকে যুৱতীগৰাকীক আনকি গাড়ীত উঠাই অপহৰণৰ অপচেষ্টা চলায়। এখন বলেৰ’ পিকআপত আহিছিল যুৱক দুজন। স্থানীয় লোকৰ তৎপৰতাত যুৱতীগৰাকী ৰক্ষা পৰে।

অভিযুক্ত ছাজিদ আলি আৰু আতাবুৰ আলিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। এই সন্দৰ্ভত বাগৰি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা হৈছে।

ঘটনা অনুসৰি, শনিবাৰে বিয়লি কুঠৰীৰ হাৰমতি কলনীত সংঘটিত হয় এই ঘটনা।

চুবুৰীয়া এঘৰৰ পৰা পানী আনিবলৈ যোৱা অৱস্থাত ৰাস্তাৰ কাষত ৰৈ থকা এখন বলেৰ’ পিকআপ ভানৰ পৰা নামি অহা দুজন যুৱকে যুৱতী গৰাকীক টনা আজোৰা কৰি গাড়ীত উঠাবলৈ চেষ্টা চলায়।

যুৱতী গৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় লোক ওলাই অহাত গাড়ীত উঠি পলায়ন কৰে দুই যুৱকে।

যুৱতী নিৰ্যাতনত জৰিত দুই যুৱক কুঠৰী নজানৰ ছাজিদ আলি আৰু আতাবুৰ আলি বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষ দৰ্শীয়ে।

যুৱক দুজনৰ বিৰুদ্ধে ইতিমধ্যে ঘটনাৰ বলি যুৱতীগৰাকীয়ে বাগৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।