NORTHEAST NOW (Assamese)
অসম

এগৰাকী যুৱক কোভিড-১৯ পজিটিভ; গহপুৰৰ ডিপৰা ভীম বাহাদুৰ হাইস্কুল এলেকাক কন্টেইনমেন্ট জ’ন ঘোষণা

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম June 11, 2020 4:59 pm

বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত ডিপৰা ভীম বাহাদুৰ হাইস্কুল এলেকাক গহপুৰ মহকুমা প্ৰশাসনে কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে।

কোৱাৰেন্টাইন কেন্দ্ৰ হিচাপে থকা মহকুমাটোৰ ডিপৰাৰ ভীম বাহাদুৰ হাইস্কুল কোৱাৰেন্টাইন চেণ্টাৰত থকা হৰিণ বৰাল নামৰ ২৭ বছৰীয়া যুবক এজনৰ দেহত ৭ জুনৰ দিনা ক’ভিড-১৯-ৰ উপস্থিতি থৰা পৰাৰ পাছত গহপুৰ মহকুমা প্ৰশাসনে ৮ জুনত এক নিৰ্দেশনা যোগে ডিপৰা ভীম বাহাদুৰ হাইস্কুলসহ হাইস্কুল খনৰ চৌহদ এলেকাক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে।

গহপুৰ মহকুমাৰ দায়িত্বত থকা অতিৰিক্ত জিলা দণ্ডাধীশে অসম ক’ভিড-১৯ নিয়মাৱলী ২০২০ অনুসৰি জাৰি কৰা এই নিৰ্দেশ ৯ জুনৰ পুৱা ১০ বজাৰ পৰা কাৰ্য্যকৰী হৈছে।

নিৰ্দেশনাটোত বিদ্যালয়খনৰ লগতে উক্ত  অঞ্চলৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক বাফাৰ জ’ন হিচাপেও ঘোষণা কৰিছে।

উল্লেখ যোগ্য যে, আদেশ অনুসৰি এই নিয়ন্ত্ৰিত এলেকাত প্ৰশাসনৰ অনুমতি অবিহনে যিকোনো লোকৰ প্ৰৱেশ তথা প্ৰস্থান নিষিদ্ধ কৰা হৈছে।

এই সময়ছোৱাত এই নিয়ন্ত্ৰিত এলেকাত সামাজিক দূৰত্ব বজায় ৰখাৰ লগতে অন্যান্য কোভিড-১৯ৰ নিয়ম সমূহ মানি চলাটো বাধ্যতামূলক ৷

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিয়মাৱলীৰ আধাৰত এই এলেকা সুৰক্ষিত বুলি ঘোষণা নোহোৱা পৰ্যন্ত এই নিয়ম সমূহ বাহাল থাকিব ৷

প্ৰশাসনৰ নিৰ্দেশ উলংঘাকাৰীৰ বিৰুদ্ধে অসম ক’ভিড-১৯ নিয়মাৱলী ২০২০, দুৰ্যোগ প্ৰশমন আইন ২০০৫,  মহামাৰী প্ৰতিৰোধ আইন ১৮৯৭’ৰ লগতে অনান্য আইনৰ অধীনত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব।

গহপুৰ মহকুমাৰ কলংপুৰ মৌজাৰ ডিপৰা অঞ্চলৰ বাসিন্দা হৰিণ বৰাল নামৰ ২৭ বছৰীয়া যুবকজন মহাৰাষ্ট্ৰৰ পৰা আহি প্ৰথমে প্ৰতিষ্ঠানিক কোৱাৰেন্টাইন আৰু পিছত এই বিদ্যালয় খনত গাঁও পৰ্য্যায়ৰ কোৱাৰেন্টাইনত আছিল।