NORTHEAST NOW (Assamese)
Popular Stories

আজি সন্ধিয়া প্ৰধান মন্ত্ৰী মোদীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 15, 2020 1:02 pm
81ca781c4d6bc979cce079470b7d5fb6

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিল্লীৰ আবাস ৭, লোক কল্যাণ মাৰ্গত আজি সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হৈছে।

আজিৰ এই বৈঠকত ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ ভয়াবহতা আৰু দেশত ৩ মে’লৈকে বৃদ্ধি কৰা লকডাউন সন্দৰ্ভত বিস্তৃতৰূপত আলোচনা হোৱাৰ সম্ভাৱনা আছে বুলি এটা সূত্ৰই জনায়।

উল্লেখ্য যে ১৪ এপ্ৰিল অৰ্থাৎ মঙলবাৰে প্ৰধান মন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰি ৩ এপ্ৰিললৈকে লকডাউন বৃদ্ধিৰ ঘোষণা কৰিছিল।

ইয়াৰ পূৰ্বে ২৫ মাৰ্চত ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ২১ দিন অৰ্থাৎ ১৪ এপ্ৰিললৈকে লকডাউন ঘোষণা কৰিছিল। কালি অৰ্থাৎ মঙলবাৰে লকডাউনৰ ম্যাদ অন্ত পৰাৰ কথা আছিল যদিও ক’ৰ’নাৰ আতংক নকমাৰ বাবে পুনৰ ৩ মে’লৈ বৃদ্ধি কৰে।

অৱশ্যে ২০ এপ্ৰিলৰ পিছত কিছি কিছু ক্ষেত্ৰত ৰেহাই দিয়া হ’ব বুলি আজি কেন্দ্ৰ গৃহ বিভাগে জাৰি নিৰ্দেশনাত উল্লেখ কৰিছে।

ইফালে দেশত ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই আছে। স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি আজি ৰাতিপুৱালৈ দেশত ১১ হাজাৰৰো অধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে ৩৭৭ গৰাকী লোকৰ।