NORTHEAST NOW (Assamese)
অসম

কোভিদ-১৯ ৰোগীক খাদ্য আৰু ঔষধ যোগানৰ বাবে ঝাৰখণ্ডৰ চিকিৎসালয়ত ৰবট ব্যৱহাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 15, 2020 12:49 pm
jharkhand-covid-hospital-680x375

কোভিদ-১৯-ৰ সংক্ৰমণৰ পৰা চিকিৎসা কৰ্মীসকল আক্ৰান্ত হোৱাৰ সম্ভাৱনা হ্ৰাস কৰাৰ উদ্দেশ্যে ঝাৰখণ্ডৰ এখন চিকিৎসালয়ত ৰোগী সকলক ঔষধ আৰু খাদ্য যোগান ধৰা কামত ৰবট ব্যৱহাৰ কৰা হৈছে।

জিলা সহকাৰী বিকাশ আয়ুক্ত আদিত্য ৰঞ্জনে নিৰ্মাণ কৰি উলিওৱা ৰবটে ৩০ কেজিলৈ ভাৰ গ্ৰহণ কৰিব পৰাৰ লগতে ২০০-ৰ পৰা ৩০০ ফুট দূৰত্বলৈ সামগ্ৰী কঢ়িয়াব পাৰে।

চিকিৎসালয়ত ৰবট ব্যৱহাৰ কৰাৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল ইয়াৰ ফলত ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৰোগী সকলৰ সৈতে চিকিৎসা কৰ্মী সকল সংস্পৰ্শত অহাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।

ঝাৰখণ্ডৰ দুখন জিলাৰ চিকিৎসালয়ত এই ৰবট ব্যৱহাৰ কৰা হৈছে। আদিত্য ৰঞ্জনে ৰবটৰ লগতে উচ্চ প্ৰযুক্তিৰ আইছ’লেশ্যন বিচনাও কোভিদ-১৯ ৰোগীৰ চিকিৎসাৰ বাবে সাজি উলিয়াইছে।

ইয়াৰ পূৰ্বে বাংগালুৰুৰ চিকিৎসালয়তো কোভিদ-১৯ ৰোগীক খাদ্য আৰু ঔষধ যোগান ধৰাৰ বাবে ৰবট ব্যৱহাৰ কৰা হৈছিল।

উল্লেখযোগ্য যে, মধ্যপ্ৰদেশত এগৰাকী চিকিৎসক কোভিদ ৰোগীক চিকিৎসা কৰাৰ ফলত সংক্ৰমিত হৈ মৃত্যু মুখত পৰিছিল।

দিল্লীতো দুগৰাকী চিকিৎসক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

ভাৰতত বৰ্তমানলৈ ১১ হাজাৰৰো অধিক লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩৫০ গৰাকীৰো অধিক লোকে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।