NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ তৰুণ নগৰত ৰহস্যজনক ভাবে উদ্ধাৰ উত্তৰ প্ৰদেশৰ মহিলাৰ মৃতদেহ

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী June 4, 2025 6:30 pm

গুৱাহাটীৰ তৰুণ নগৰৰ এটা বাসগৃহত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। জানিব পৰা মতে, মহিলাগৰাকীৰ ঘৰ উত্তৰ প্ৰদেশত। এই ঘটনাই এতিয়া অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মৃত মহিলাগৰাকীৰ নাম সংগীতা নিছাদ। যোৱা ২ জুনত নিজ ঘৰত তেওঁক চিপ থকা থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

সংগীতাই চলিত বৰ্ষৰ ৭ মাৰ্চত উত্তৰ প্ৰদেশৰ বাসিন্দা ৰাজেশ কেৱাটৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

মহিলাগৰাকীৰ পৰিয়ালৰ লোকে জনোৱা মতে, বিবাহৰ পিছৰে পৰা মহিলাগৰাকীক স্বামীৰ পৰিয়ালে মানসিকভাবে অহৰহ অত্যাচাৰ চলাইছিল।

ৰাজেশ কোৱাট এপিডিচিএল (অসম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড)ত কৰ্মৰত। সেই সূত্ৰেই উত্তৰ প্ৰদেশৰ বাসিন্দা ৰাজেশৰ পৰিয়ালে গুৱাহাটীত বসবাস কৰি আছিল।

সংগীতাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত উত্তৰ প্ৰদেশৰ পৰা গুৱাহাটীলৈ আহিছে সংগীতাৰ পৰিয়াল। সংগীতাৰ মৃত্যুত স্বামীৰ পৰিয়াল জড়িত থকাৰ অভিযোগ উত্থাপন কৰি ভঙাগড় আৰক্ষী থানাত এফআইআৰ দাখিল কৰিছে সংগীতাৰ পৰিয়ালে।

বিশেষভাৱে স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰি এই কাণ্ডৰ সম্পূৰ্ণ তদন্তৰ দাবী জনাইছে পৰিয়ালে।

বৰ্তমান আৰক্ষীয়ে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে