NORTHEAST NOW (Assamese)
Popular Stories

ৰীল বনাবলৈ গৈ যমুনাত ডুবি ৬ গৰাকী কিশোৰীৰ সলিল সমাধি!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 4, 2025 5:58 pm

ভাৰতৰ উত্তৰ প্ৰদেশৰ আগ্ৰাত যমুনা নদীত গা ধুবলৈ গৈ সলিল সমাধি ছয় কিশোৰীৰ। মঙলবাৰে উত্তৰ প্ৰদেশৰ আগ্ৰাৰ চিকন্দ্ৰ থানা এলেকাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। ছচিয়েল মিডিয়াৰ বাবে মোবাইল ফোনত ৰিল বনাই থাকোঁতে পানীত ডুব যায়।

আগ্ৰাৰ চৰকাৰী বিষয়াসকলে জনোৱা মতে, কাষৰ কৃষি পথাৰত কাম কৰি নদীৰ পাৰলৈ গৈ শীতল হবলৈ পানীত জপিয়াই পৰে ছয়গৰাকী ছোৱালী। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, প্ৰথমে তেওঁলোকে নদীৰ পাৰত খেলিছিল আৰু মোবাইলত ৰীলৰ চিত্ৰগ্ৰহণ কৰিছিল। তাৰ পাছত লাহে লাহে গভীৰ পানীত সোমাই যোৱাৰ লগে লগে সোঁতে উটুৱাই লৈ গল।

ৰাষ্ট্ৰেএয় সংবাদ মাধ্যম এনডিটিভিৰ এক প্ৰতিবেদন অনুসৰি এই ঘটনাত চাৰিজন গৰাকী পানীত ডুব যায় আৰু বাকী দুগৰাকীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে চিকিৎসাধীন অৱস্থাতেই ছোৱালী দুগৰাকীৰ মৃত্যু হয়। ফলত তাত ডুব গৈ মৃত্যু হোৱা লোকৰ সংখ্যা ছয়জনলৈ বৃদ্ধি পাইছে।

জিলা প্ৰশাসনে সকলো শোকসন্তপ্ত পৰিয়ালক প্ৰয়োজনীয় সহায়ৰ আশ্বাস প্ৰদান কৰিছে। একে সময়তে কৰ্তৃপক্ষই এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হয় সেই বিষয়ে জানিবলৈ তদন্ত আৰম্ভ কৰিছে।