যুৰীয়া বাণিজ্য কেন্দ্ৰ নিৰ্মাণৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

বিশ্ব বিনিয়োগ সন্মিলনৰ প্ৰাক মুহূৰ্তত ৰাজ্য চৰকাৰে আজি নেশ্যনেল বিল্ডিং কনষ্ট্ৰাকশ্যন কৰ্পৰেশ্যন (ইণ্ডিয়া) লিমিটেডৰ সৈতে ১৯৫০ কোটি টকা প্ৰকল্প ব্যয় সাপেক্ষে যুৰীয়া বাণিজ্য কেন্দ্ৰ নিৰ্মাণৰ বাবে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই প্ৰকল্পটি বশিষ্ট চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত ৬০ মাহৰ ভিতৰত ৰূপায়ণৰ বাবে লক্ষ্য স্থিৰ কৰা বুলি জনিব পৰা গৈছে। এই টুইন টাৱাৰ নিৰ্মাণ কাৰ্য এই বৰ্ষৰ জুলাই মাহৰ পৰা আৰম্ভ কৰা হ’ব।
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা অনুষ্ঠানত উপস্থিত থকা গৃহ আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে কয় যে, ‘আমাৰ দেশৰ অৰ্থনীতি বৰ্তমান ২.৫ ত্ৰিলিয়ন ডলাৰ হৈছে আৰু ইয়াৰে ৫০ শতাংশ হ’ল বাহ্যিক খণ্ডৰ। ২০২৫ চনৰ ভিতৰত এই অৰ্থনীতি ৬ ত্ৰিলিয়ন ডলাৰ হ’ব।‘
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে নেশ্যনেল বিল্ডিং কনষ্ট্ৰাকশ্যন কৰ্পৰেশ্যন (ইণ্ডিয়া) লিমিটেডক প্ৰকল্পটো নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিয়াৰ উপৰি ভাৰত চৰকাৰৰ তৰফৰ পৰা এই ক্ষেত্ৰত সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলি কয়।
অনুষ্ঠানত মুখ্য মন্ত্ৰী গৰাকীয়ে এই বৃহৎ দায়বদ্ধতা গ্ৰহণ কৰাৰ বাবে নেশ্যনেল বিল্ডিং কনষ্ট্ৰাকশ্যন কৰ্পৰেশ্যন (ইণ্ডিয়া) লিমিটেডক ধন্যবাদ জ্ঞাপন কৰাৰ উপৰি সকলো পক্ষৰ পৰা এই ক্ষেত্ৰত সহায়-সহযোগিতা কামনা কৰে। অত্যাধুনিক সা-সুবিধাৰে নিৰ্মাণ হ’ব লগীয়া এই টুইন টাৱাৰে ৰাজ্যখনৰ ব্যৱসায়িক উত্তৰণৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব বুলিও সৰ্বানন্দই কয়।
আজিৰ বুজাবুজি স্বাক্ষৰিত অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্যিক বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ কামাখ্যা প্ৰসাদ তাছা, মুখ্য সচিব ভি কে পিপাৰচেনীয়া, অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰ, নেশ্যনেল বিল্ডিং কনষ্ট্ৰাকশ্যন কৰ্পৰেশ্যন (ইণ্ডিয়া) লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক ড০ অনুপ কুমাৰ মিট্টালৰ লগতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।