NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ সমস্যাকলৈ আদালতৰ দ্বাৰস্থ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অধিবক্তা

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা July 14, 2020 3:20 pm
index.jpgbb

ক’ৰ’নাৰ হটস্পষ্টত পৰিণত হৈছে নেকি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ!

যোৱা কিছুদিন ধৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বুজন সংখ্যক কয়দীৰ শৰীৰত কোভিড১৯ পজিটিভ ধৰা পৰিছে।

কিন্তু কাৰাগাৰৰ কৰ্তৃপক্ষ, ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা চৰকাৰ ক’ৰ’নাৰ হাবলৈ পৰিণত হোৱা কেন্দ্ৰীয় কাৰাগাৰকলৈ যি ধৰণৰ তৎপৰতা ল’ব লাগিছিল সেয়া লোৱা পৰিলক্ষিত হোৱা নাই।

লগতে পঢ়ক : কেন্দ্ৰীয় কাৰাগাৰৰ ৯৫% কয়দীয়েই কোভিড১৯ পজিটিভ! : কয়দীৰ বিস্ফোৰক অভিযোগ

কালি কোভিড১৯ পজিটিভ এজন কয়দীয়ে লিখা দুই পৃষ্ঠাজোৰা এখন পত্ৰই কাৰাগাৰৰ ভিতৰচ’ৰাৰ ভয়ানক ছবিখন মুকলি কৰি দিয়াৰ পিছত কয়দীসকলৰ জীৱন আৰু স্বাস্থ্যৰ নিৰাপত্তাৰ স্বাৰ্থত আজি আদালত বিষয়টো উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অধিবক্তাসকলে।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী আৰু হাজোতীসকলৰ স্বাস্থ্য আৰু জীৱনৰ নিৰাপত্তাৰ নিশ্চিত কৰাৰ বাবে আজি আদালতত আবেদন দাখিল কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অধিবক্তা কৃষ্ণ গগৈ, কিশোৰ কুমাৰ কলিতা, মনোজ কুমাৰ দেউৰী আৰু সুৰজিত বৈৰাগীয়ে ৷

আজি অধিবক্তাসকলে জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালত, নিয়া’ৰ বিশেষ আদালত আৰু জিলা সত্ৰ ন্যায়িক দণ্ডাধীশ আদালতত কাৰাগাৰৰ কয়দী আৰু হাজোতীসকলৰ স্বাস্থ্য আৰু জীৱনৰ নিৰাপত্তাৰ নিশ্চিত কৰাৰ বাবে দাখিল কৰে আবেদন ৷

ইফালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰ কণ্টেইনমেণ্ট জ’নৰ দোহাই দি জামিন মঞ্জুৰ কৰাৰ পাছতো কালি কাৰাগাৰ কৰ্তৃপক্ষই মুকলি কৰি নিদিয়া প্ৰসঙ্গটোকো উল্লেখ কৰি আদালতৰ দৃষ্টিগোচৰ কৰে৷ অৱশ্যে আজি আবেলি ছাত্ৰ মুক্তি নেতাজনক মুকলি কৰি দিয়ে কাৰাগাৰ কৰ্তৃপক্ষই।

ইপিনে কৰ’না আক্ৰান্ত জেইলৰ কয়দীয়ে তেওঁলোকক নিয়া বাহনৰ পৰা জেইলৰ প্ৰবেশদ্বাৰত পেলাই থৈ যোৱা দুই পৃষ্ঠাৰ সেই বিশেষ পত্ৰখন যোগে ব্যক্ত কৰা “জেইলৰ ভিতৰত ৯৫ শতাংশৰ কোভিড-১৯ হৈছে। এতিয়ালৈকে সকলোৰে টেষ্ট কৰোৱা নাই। আমাৰ পজিটিভ অহাৰ last ৪০ ঘণ্টা ধৰি পেলাই থৈছিল। কোনো treatment আৰু diet দিয়া নাই।” এইকথাও আবেদনখনৰ জৰিয়তে দৃষ্টি গোচৰ কৰাই অধিবক্তা কেইজনে ৷

গুৱাহাটী কেন্দ্ৰীয কাৰাগাৰৰ এই বিষয় সমূহকলৈ হস্তক্ষেপ কৰাৰ বাবে মুখ্য জিলা ন্যয়িক দণ্ডাধীশক আহ্বান জনায়৷