NORTHEAST NOW (Assamese)
অসম

নলবাৰীৰ ধৰ্মপুৰত প্ৰায় তিনি শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 29, 2021 4:52 pm

নলবাৰীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত প্ৰায় ৩০০ কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে।

ধৰ্মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নতুন দেহৰ গাঁও পঞ্চায়তত এই যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয়।

বিজেপিত যোগদান কাৰ্য্যসূচী উপলক্ষে ধৰ্মপুৰ সমষ্টিৰ কাছিমপুৰ বাজাৰ গৃহত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।

বিজেপিত যোগদান কাৰ্য্যসূচীৰ পূৰ্বে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কাছিমপুৰত নতুনকৈ নিৰ্মাণ কৰা এটা ৰাজহুৱা গৃহৰ উদ্বোধন কৰে।

মন্ত্ৰী পাটোৱাৰী আৰু নলবাৰীৰ অন্যান্য বিজেপি কৰ্মীৰ উপস্থিতিত কংগ্ৰেছ কৰ্মী সকলক বিজেপিৰ মাফলা, টুপী আদিৰে দলটোলৈ আনুষ্ঠানিকভাৱে স্বাগতম জনোৱা হয়।

ৰাজহুৱা সভাত মন্ত্ৰী পাটোৱাৰীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলে সহজে জয়ী হৈ পুনৰ চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰাৰ লগতে বিজেপিৰ নেতৃত্বত ৰাজ্যত উন্নয়ন সাধন হৈছে বুলি কয়।