NORTHEAST NOW (Assamese)
অসম

ক’ৰ’ণাতংকৰ বাবেই বাতিল কৰা হ’ল ভাৰত-ৰাছিয়া মৈত্ৰী সন্মিলন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 24, 2020 2:54 pm
a russia

বিশ্বৰ বিভিন্ন দেশত ক’ৰ’ণা ভাইৰাছৰ নতুন ষ্টেইনৰ সংক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে বহু ঠাইত লকডাউন আৰম্ভ হৈছে।

ভাৰততো একাধিক ৰাজ্যত লকডাউন ঘোষণা কৰা হৈছে।

ক’ৰ’ণাৰ সংক্ৰমণ পুনৰ আৰম্ভ হোৱালৈ চাই ভাৰত আৰু ৰাছিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া মৈত্ৰী সন্মিলন বাতিল কৰা হৈছে।

আজি ভাৰতৰ বৈদেশিক দপ্তৰৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে এই কথা প্ৰকাশ কৰি কয় যে ভাৰতআৰু ৰাছিয়াৰ শীৰ্ষ প্ৰতিনিধিয়ে আলোচনা কৰি সন্মিলন খন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ভাৰতত থকা ৰাছিয়াৰ ৰাষ্ট্ৰদূত নিকোলাভ কুডাছেভে প্ৰকাশ কৰা মতে কোভিড অতিমাৰীয়ে পুনৰ মূৰ দাঙি উঠাৰ সময়ত সন্মিলন খন অনুষ্ঠিত কৰাৰ যুক্তি থাকিব নোৱাৰে।

সেই বাবেই উভয় পক্ষই আলোচনা কৰি সন্মিলন খন বাতলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি তেওঁ কয় । উল্লেখ্য এই সন্মিলনৰ পিছতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ভাৰত ভ্ৰমণ কৰাৰো কথা আছিল।

ক’ৰ’ণাৰ নতুন সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত পুটিনৰ ভ্ৰমণো বাতিল হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।

ক’ৰ’ণাতংকৰ বাবেই এই বছৰত কেইবাখনো সন্মিলন ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কৰা হৈছে। জি-২০ কে ধৰি ৰাষ্ট্ৰসংঘৰো কেইবাখনো সন্মিলন ভাৰ্চুৱেলি কৰা হৈছে।