NORTHEAST NOW (Assamese)
অসম

বিটিচিত পিতৃ হিমন্তৰ সৈতে নিৰ্বাচনী প্ৰচাৰত নামিল ১৯ বছৰীয়া নন্দিল

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 6, 2020 6:54 am
WhatsApp Image 2020-12-05 at 10.32.31 PM

বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ শেষৰ নিৰ্বাচনী প্ৰচাৰৰ দিনা দেখা গ’ল এক দৃশ্য।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দেখা গ’ল তেওঁৰ ১৯ বছৰীয়া পুত্ৰ নন্দিলক।

সততে ছাত্ৰাৱস্থাত ৰাজনীতিৰ পৰা ছাত্ৰ সমাজক আঁতৰত থাকিবলৈ আহ্বান জনাই অহা মন্ত্ৰীয়ে পুনৰবাৰ নিজৰ বক্তব্যকে কুঠাৰঘাত কৰি নিজৰ ছাত্ৰ পুত্ৰকে নমালে নিৰ্বাচনী প্ৰচাৰত।

যোৱা ১৯ নৱেম্বৰৰ সংবাদমেলতে মন্ত্ৰী হিমন্তৰ ভাষ্য আছিল এনেধৰণৰ “ছাত্ৰ সকলে পঢ়া শুনা কৰি লওক। তাৰ পিছত ৰাজনীতি কৰিব। তেওঁলোকৰ কোৰ্চেই শেষ হোৱা নাই। কোৰ্চ শেষ কৰি অলপ প্ৰশিক্ষণ লৈ ৰাজনীতিলৈ আহিব লাগে।‘

কিন্তু ১৫ দিনৰ পাছতে নিজৰ আহ্বান নিজেই পাহৰি পিতৃৰ সমকক্ষতে পুত্ৰ নন্দিলক জীপত থিয় হৈ যোৱা ফটো ভিডিও ভাইৰেল হৈছে social মিডিয়াত।

WhatsApp Image 2020-12-06 at 2.39.51 AM
মন্ত্ৰী পিতৃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে নিৰ্বাচনী প্ৰচাৰত পুত্ৰ নন্দিল।

BTC ৰ আথেৰিঘাটৰ পৰা ডিমাকুছিলৈ ওলোৱা এক প্ৰচাৰ বাইক ৰেলিত পিতৃ পুত্ৰক একেলগে দেখা গ’ল।

ৰাজ্যৰ বাহিৰত prestigious doon school ত অধ্যয়ণৰত নন্দিলক এনেদৰে পিতৃৰ ৰাজনৈতিক কাৰ্যসূচীত এয়ে প্ৰথমবাৰলৈ দেখিবলৈ পোৱা গ’ল।

উল্লেখযোগ্য যে, কেইদিনমানৰ পূৰ্বে GMCHত পিতৃ-মাতৃৰ সৈতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক GMCHত দেখা কৰিবলৈ গৈছিল নন্দিল।