NORTHEAST NOW (Assamese)
অসম

ভোগালীৰ প্ৰাকক্ষণত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 14, 2020 12:35 pm
Orang Story

ৰাজ্য জুৰি ভোগালীক আদৰাৰ প্ৰস্তুতি অব্যাহত থকাৰ সময়তে ওৰাঙৰ যোৰাদিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এঘৰাকী ব্যক্তিৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এগৰাকী ব্যক্তি গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা ব্যক্তি গৰাকী গোপাল শৰ্মা আৰু গুৰুতৰভাৱে আহত ব্যক্তি গৰাকী হীৰেন শৰ্মা বুলি জানিব পৰা গৈছে।

মৃত্যুক সাবতি লোৱা দুৰ্ভগীয়া গোপাল শৰ্মা শিঙৰি গুপ্তেশ্বৰ দেৱালয়ৰ পূজাৰী আছিল।

জানিব পৰা মতে, গোপাল শৰ্মা আৰু হীৰেন শৰ্মাই সোমবাৰে নিশা এ এছ-১২ কে ৫১২৩ নম্বৰৰ এখন বাইকত ওৰাঙৰ পৰা ঢেকিয়াজুলী অভিমুখে গৈ থকা অৱস্থাতে এখন তীব্ৰ বেগী বাহনে বাইকখনত খুন্দা মাৰে।

আনহাতে, দুৰ্ঘটান সংঘটিত কৰিয়ে অচিনাক্ত বাহনখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

দুৰ্ঘটনাটোৰ ফলত থিতাতে গুপ্তেশ্বৰ দেৱালয়ৰ পূজাৰী গোপাল শৰ্মাৰ মৃত্যু হয় আৰু আন গৰাকী আৰোহী হীৰেন শৰ্মাক স্থানীয় ৰাইজে আৰক্ষীৰ সহযোগত চিকিৎসালয়ত ভৰ্তি কৰে। বৰ্তমান সংকটজনক অৱস্থাতে আছে হীৰেন শৰ্মা।