NORTHEAST NOW (Assamese)
Popular Stories

মাতৃত্বৰ বাবে টেনিছ কোৰ্টৰ পৰা আঁতৰত থকা ছানিয়া মিৰ্জাৰ জয়েৰে প্ৰত্যাৱৰ্তন; দৰ্শক হিচাপে উপস্থিত থাকিল দুবছৰীয়া পুত্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 14, 2020 1:01 pm
Sania Mirza story

দুবছৰৰ বিৰতিৰ অন্তত আন্তঃৰাষ্ট্ৰীয় টেনিছ কোৰ্টলৈ জয়েৰে সুন্দৰ প্ৰত্যাৱৰ্তন কৰিছে ভাৰতৰ তাৰকা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই।

৩৩ বছৰীয়া ছানিয়াই মঙলবাৰে ডব্লিউ টি এ চাৰ্কিট টেনিছ প্ৰতিযোগিতাৰ দ্বৈত শাখাত বিজয়েৰে কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰে।

দুই বছৰৰ মুৰত কোৰ্টলৈ প্ৰত্যাৱৰ্তন কৰা ছানিয়াই য়ুক্ৰেনৰ নাদিয়া কিচোনোকৰ সৈতে যুটি বান্ধি জাৰ্জিয়া আৰু জাপানৰ যুটি অ’কছানা কলাশনিকোভা আৰু মিয়ু কোটিক ২-৬, ৭-৬(৩), ১০-৩ ব্যৱধানত পৰাস্ত কৰে।

প্ৰায় এক ঘণ্টা ৪১ মিনিট সময় জুৰি হোৱা খেলখনত ছানিয়া আৰু তেওঁৰ সংগীয়ে প্ৰথমটো ছেট হেৰুৱালেও দ্বিতীয় আৰু তৃতীয় ছেটত প্ৰতিদ্বন্দীক ধাৰাশায়ী কৰে।

ইণ্ডো-উইক্ৰেইন যুটিটোৱে পৰৱৰ্তী খেলত আমেৰিকাৰ বানিয়া কিংগ আৰু ক্ৰিষ্টিনা মেকহেলৰ যুটিৰ মুখামুখি হ’ব।

উল্লেখযোগ্য যে, মাতৃত্বৰ বাবে ২০১৭ চনৰ পৰাই আন্তঃৰাষ্ট্ৰীয় টেনিছ চাৰ্কিটৰ পৰা আঁতৰত  থকা ছানিয়া মিৰ্জাই ২০১৭ চনত অন্তিম বাৰৰ বাবে চাইনা অপেনত অংশগ্ৰহণ কৰিছিল।

মাতৃত্বৰ পূৰ্বে ছানিয়াই আঘাতৰ সৈতেও সংঘৰ্ষ কৰিবলগীয়া হৈছিল। ছানিয়াৰ প্ৰত্যাৱৰ্তন খেলত দৰ্শক হিচাপে উপস্থিত থাকে ছানিয়াৰ দুবছৰীয়া পুত্ৰ।

ছানিয়াই টুইট কৰি পুত্ৰৰ উপস্থিতিত খেলপথাৰলৈ প্ৰত্যাৱৰ্তন কৰা দিনটো তেওঁৰ বাবে বিশেষ দিন হিচাপে অভিহিত কৰে।