NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ নিজ চিলাবন্ধা আৰু বৰুৱা চুকৰ পৰা বৃহৎ পৰিমাণৰ চুলাই আৰু বিলাতী সুৰা জব্দ

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা July 5, 2021 12:59 pm
liqur seized

নতুনকৈ যোগদান কৰিয়েই কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাই অবৈধ নিচাযুক্ত মাদক দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে।

আজি তেওঁৰ নেতৃত্বত চলা এক অভিযানত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰাৰ লগতে ৫০০ লিটাৰ চুলাই জব্দ কৰিবলৈ সক্ষম হয় কলিয়াবৰ আৰক্ষী।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন ব‍্যক্তিক আটক কৰে।

কৰ’নাৰ ভয়াবহ সংক্ৰমণৰ সময়তো একাংশ লোক জড়িত হৈ আছে অসামাজিক কাৰ্যকলাপত।

কলিয়াবৰত ড্ৰাগ্‌ছ, সুৰা, জুৱাৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষী এতিয়া অধিক তৎপৰ হৈ পৰিছে।

উল্লেখ্য যে¸ নতুনকৈ যোগদান কৰা কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাই নিচামুক্ত কলিয়াবৰ গঢ়াৰ সংকল্প লৈছে।