NORTHEAST NOW (Assamese)
অসম

Flood in Assam: ‘বান বাৰিষাৰে বান, বাৰে বাৰে সহিম কিমান!’ হাজোত কেমেৰাৰ সন্মুখতে বানে উটুৱাই নিলে ঘৰ

Posted by: মৃদুল প্ৰীতম ডেকা, কামৰূপ Updated by: মৃদুল প্ৰীতম ডেকা, কামৰূপ June 17, 2022 10:43 am
Flood in Assam: ‘বান বাৰিষাৰে বান, বাৰে বাৰে সহিম কিমান!’ হাজোত কেমেৰাৰ সন্মুখতে বানে উটুৱাই নিলে ঘৰ

নেৰানেপেৰা বৰষুণৰ ফলত হাজোত বৰলীয়া নৈয়ে ক্ৰমে সংহাৰী ৰূপে ধাৰণ কৰিছে।

চমূখাত বৰলীয়া নৈৰ পানীয়ে মথাউৰী চিগাৰ ফলত হাহাকাৰ অৱস্থা হৈছে বানাক্ৰান্তৰ।

ফটো: নৰ্থইষ্ট নাও।

হাজোৰ চৌমূখাত বৰলীয়া নৈৰ মথাউৰী ভঙাৰ বাবে প্লাবিত হৈছে শতাধিক গাঁও।

ফটো: নৰ্থইষ্ট নাও।

চকুৰ সন্মুখতে সংহাৰী বানে এটা ঘৰ উটুৱাই লৈ যোৱাৰ দৃশ্যই সকলোকে ব্যথিত কৰি তুলিছে। নৈৰ পাৰত গৃহস্থৰ হিয়া ভঙা কান্দোনত কৰুণ পৰিস্থিতিৰ সৃষ্টি হৈছে।

 

ফটো: নৰ্থইষ্ট নাও।

হাজোৰ বৰপুল্লা, বাৰংহাতী, দিমু আদি অঞ্চল এতিয়া প্লাবিত হৈ পৰিছে। নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বানাক্ৰান্তই।