NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰপতি ভৱনলৈ যোৱাৰ পথত আটক কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী; স্মাৰকপত্ৰ দিলে ৰাহুলে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 24, 2020 3:02 pm
priyanka Gandhi

কৃষি আইন আৰু কৃষক বিক্ষোভকলৈ পথত নামিল কংগ্ৰেছ। বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিৰ ওচৰত স্মাৰক পত্ৰ দিবলৈ যোৱাৰ পথত আটক কৰা হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক।

প্ৰিয়ংকা গান্ধীৰ লগতে আন কেইবাগৰাকীও কংগ্ৰেছ নেতাকো আটক কৰা হয়।

কৃষি আইন বিষয়ত ২কোটি স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ জমা দিয়াৰ বাবে কংগ্ৰেছে ৰাষ্ট্ৰপতি ভৱনলৈ যোৱা কাৰ্যসূচী গ্ৰহণ কৰিছিল।

কিন্তু ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে তেওঁলোকক আটক কৰে। প্ৰিয়ংকা গান্ধীকে ধৰি নেতা-কৰ্মীসকলক মন্দিৰ মাৰ্গ থানালৈ লৈ যোৱা হয়। থানাতো কংগ্ৰেছ নেতা-কৰ্মীসকলে শ্ল’গান দিয়ে।

আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, গোলাম নবী আজাদ আৰু অধীৰ ৰঞ্জন চৌধুৰী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰে। ৰাহুল গান্ধীয়ে পাছত জানিবলৈ দিয়ে যে তেওঁলোকে আইন কৃষক বিৰোধী আৰু ইয়াৰ দ্বাৰা কৃষকৰ ক্ষতি হ’ব বুলি ৰাষ্ট্ৰপতিক জনাইছে। চৰকাৰে কৈছিল এই আইন কৃষকসকলৰ উপকাৰৰ বাবে। কিন্তু দেশে দেখিবলৈ পাইছে যে কৃষকসকলে ইয়াৰ বিৰোধিতা কৰিছে।

ৰাহুলৰ দাবী যে কৃষকসকল অটল আছে। প্ৰধানমন্ত্ৰীয়ে এইটো চিন্তা কৰা উচিত নহয় যে কৃষকসকল উভতি যাব।

যেতিয়ালৈকে এই আইন প্ৰত্যাহাৰ কৰা নহয়, তেতিয়ালৈকে কৃষকসকল উভতি নাযায় বুলি দাবী কৰে ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীয়ে যৌথ অধিৱেশন অনুষ্ঠিত কৰি আইন প্ৰত্যাহাৰ কৰাৰ প্ৰস্তাৱো দাঙি ধৰে।