NORTHEAST NOW (Assamese)
অসম

২০২৩ চনত মেঘালয়ত বিজেপিয়ে গঠন কৰিব চৰকাৰ : এ এল হেক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 16, 2020 1:08 pm
AL-Hek

২০২৩ চনত ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিয়ে মেঘালয়ত চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰিছে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী এ এল হেকে।

বুধবাৰে মেঘালয় বিজেপিৰ নৱ নিৰ্বাচিত সভাপতি আৰ্নেষ্ট মাউৰি (Ernest Mawrie) ক শুভেচ্ছা প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় ‘আগন্তুক দিনত মাউৰিৰ নেতৃত্বত ৰাজ্যখনত বিজেপি অধিক শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব’।

‘আমি ৰাজ্যৰ চুকে কোণে বিজেপিৰ পতাকাখন লৈ যাম আৰু মই সম্পূৰ্ণ আশাবাদী যে ২০২৩ত মেঘালয়ত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হ’ব’। স্বাস্থ্য মন্ত্ৰীগৰাকীৰ মন্তব্য।

উল্লেখ্য যে ৬০ টা বিধানসভা সমষ্টিৰে গঠিত মেঘালয়ত বৰ্তমান বিজেপিৰ বিধায়কৰ সংখ্যা দুজন। এজন হেক আৰু আনজন হ’ল দক্ষিণ শ্বিলঙৰ বিধায়ক চানবৰ চুল্লাই।

বিজেপিৰ দুয়োগৰাকী বিধায়ক বৰ্তমান নেশ্যনেল পিপলছ পাৰ্টী নেতৃত্বাধীন মেঘালয় ডেম’ক্ৰেটিক এলায়েন্স চৰকাৰৰ অংশীদাৰ।

নতুন ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচনৰ পিছতে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক প্ৰভাৰী সুনীল দেওধৰে হেক উত্তৰ-পূব বিজেপিৰ জনজাতি আৰু খ্ৰীষ্টান লোকৰ এখন চিনাকী মুখ বুলি মন্তব্য কৰে।