NORTHEAST NOW (Assamese)
Popular Stories

বিৰাট কোহলীয়ে কাইলৈ পাৰিবনে শচীনৰ ৰেকৰ্ড স্পৰ্শ কৰিব?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 16, 2020 2:30 pm
File-photos-of-Sachin-Tendulkar-and-Virat-Kohli-750x375

ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা এদিনীয়া শৃংখলাৰ প্ৰথম মেচত শচীন টেণ্ডুলকাৰৰ নামত থকা এক ৰেকৰ্ড স্পৰ্শ কৰাত ব্যৰ্থ হ’লেও শুকুৰবাৰে পুনৰ সেই সুযোগ পাব খেলুৱৈগৰাকীয়ে।

উল্লেখ্য যে ‘ক্ৰিকেটৰ ভগৱান’ শচীন টেণ্ডুলকাৰৰ নামত আছে ভাৰতৰ মাটিত সৰ্বাধিক এদিনীয়া শতক অৰ্জন কৰাৰ এক অনবদ্য অভিলেখ। শচীনে ঘৰৰ মাটিত ২০টা শতক অৰ্জন কৰিছিল।

ইফালে শচীনৰ পিছতেই ১৯ টা শতকেৰে দ্বিতীয় স্থানত আছে বিৰাট কোহলী। এই পৰ্যন্ত কোহলীয়ে ঘৰৰ মাটিত ১৯ টা শতক অৰ্জন কৰিছে।

যোৱা বুধবাৰে মুম্বাইৰ ৱাংখেডে ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ প্ৰথমখন এদিনীয়াত এই ৰেকৰ্ডৰ সমকক্ষ হ’বলৈ কোহলীয়ে সুযোগ পাইছিল যদিও তেওঁ শচীনৰ ৰেকৰ্ড স্পৰ্শ কৰিবলৈ সক্ষম নহ’ল।

অৱশ্যে ১৭ জানুৱাৰি অৰ্থাৎ শুকুৰবাৰে ৰাজকোটত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ দ্বিতীয়খন এদিনীয়াত প্ৰথম মেচৰ ব্যৰ্থতা পাহৰি এই ৰেকৰ্ড স্পৰ্শ কৰাৰ চেষ্টা চলাব কোহলীয়ে।

১৪ জানুৱাৰিৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছে তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলা। প্ৰথম মেচখনত শোচনীয়ভাৱে পৰাস্ত হৈ ১-০ত পিছ পৰি আছে ভাৰত।

উল্লেখ্য যে বিগত কেইবা বছৰ ধৰি এদিনীয়া ক্ৰিকেটত কোহলীয়ে কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে।

অলপতে শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ ছিৰিজত অধিনায়ক হিচাপে তেওঁ বিশ্বৰ দ্ৰুততম ১১ হাজাৰ ৰান সম্পূৰ্ণ কৰাৰ ৰেকৰ্ড গঢ়িছে।

আনহাতে অধিনায়ক হিচাপে তেওঁ টি-২০ ক্ৰিকেটত এক হাজাৰ ৰান সম্পূৰ্ণ কৰাৰো অভিলেখ গঢ়ি থৈছে। যোৱা ৭ জানুৱাৰিত ইন্দোৰত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টি-২০ মেচখনত এই ৰেকৰ্ডটো গঢ়িছিল।

বিৰাট কোহলীয়ে বিশ্বৰ একমাত্ৰ বেটছমেন যাৰ গোটেই কেইটা ফৰ্মেটতে ৫০ ৰো ওপৰত এভাৰেজ। তদুপৰি অধিনায়ক হিচাপে টেষ্ট ক্ৰিকেটত সৰ্বাধিক দ্বিশতক অৰ্জন কৰাৰ অভিলেখো তেওঁৰ নামতেই আছে।

উল্লেখ্য যে ২০১৭ ত পদ্মশ্ৰী, ২০১৮ত ৰাজীৱ গান্ধী খেল ৰত্ন আৰু ২০১৭ আৰু ২০১৮ত আই চি চি ক্ৰিকেটাৰ অব দা ইয়েৰৰ সন্মানো লাভ কৰি থৈছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে।