NORTHEAST NOW (Assamese)
অসম

খহনীয়াত জাহ যাওঁ যাওঁ এখন বিদ্যালয় : অন্ধকাৰৰ দিশে অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা July 2, 2019 11:24 am
VideoCapture_20190702-004644

ঘোৰ অনিশ্চয়তাই ঘেৰি ধৰিছে চামগুৰিৰ একাংশ নৈ পৰীয়া ছাত্ৰ-ছাত্ৰীৰ সোণোৱালী ভৱিষ্যত। পূৰ্বে বহুবাৰ সংবাদ মাধ্যমে সবিস্তাৰে বাতৰি পৰিবেশন কৰি আহিছে চামগুৰিৰ ব্ৰহ্মপুত্ৰৰ পাৰত দুৰ্যোগ-দুৰ্দশাৰ মাজত দিন অতিবাহিত কৰি অহা বৃহত্তৰ লাওঁখোৱা অঞ্চলৰ বহু সংখ্যক বান গৰাখহনীয়াত সর্বস্বান্ত হোৱা গৃহহীন-ভূমিহীন পৰিয়ালৰ ব্যথাৰ জীৱন্ত কাহিনী।

বৰ্তমানেও ব্যাপক ৰূপত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া অব্যাহত থকা ৪নং ভগামুখ ক্ৰমশঃ লাওঁখোৱাৰে এটা অভিশপ্ত অঞ্চললৈ পৰ্যবসিত হৈ পৰিছে। বিগত কেইবা বছৰ ধৰি চলি থকা গৰাখহনীয়াৰ ফলত শতাধিক দৰিদ্ৰ কৃষক পৰিয়াল ভাৰে-ভেঁটিয়ে নিৰাপদ স্থানলৈ উঠি যাবলৈ বাধ্য হৈছে ।

গাওঁ খনৰ কণ-কণ শিশুহঁতৰ মাজত শিক্ষাৰ বীজ অংকুৰিত কৰাৰ অন্যতম থল স্বৰূপ একমাত্ৰ প্ৰাৰ্থমিক বিদ্যালয়খনো এতিয়া নিঃচিহ্ন হোৱাৰ উপক্ৰম ঘটিছে। কাৰণ ৪নং ভগামুখ স্থিত বগুৰাআটি প্ৰাথ্যমিক বিদ্যালয় খনৰ প্ৰায় ২০ নল আঁতৰতেই চলিছে এতিয়া মহাবাহুৰ ব্যাপক ধ্বংস লীলা।

ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ বাবে পূৰ্বেও কেইবাবাৰো বগুৰাআটি প্ৰাথ্যমিক বিদ্যালয় খনৰ স্থান সলনি কৰিব লগা হৈছিল যদিও এই বছৰো ৪নং ভগামুখত আৰম্ভ হোৱা কালৰূপী গৰাখহনীয়াৰ বাবে বিদ্যালয় খনলৈ নামি অহা চৰম ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি নৈ পৰীয়া ৰাইজে বিদ্যালয়খন পুনৰ ভাঙি নিৰাপদ স্থানলৈ নিয়াৰ দিহা কৰিছে।

VideoCapture_20190702-004231
ফটো : নৰ্থইষ্ট নাও

বিদ্যালয়খনৰ পকী গৃহটোৰ যাবতীয় সকলো সা-সঁজুলি, আচবাব ভাঙি-ছিঙি লৈ পৰৱৰ্তী সময়ত আকৌ কোন ঠাইত স্থাপন কৰিব তাকলৈও বিমোৰত পৰিছে শিক্ষক-অভিভাৱকৰ লগতে স্থানীয় ৰাইজ।

ইপিনে সমীপতে কেশৱ মহন্তৰ দৰে এগৰাকী সংশ্লিষ্ট বিভাগীয় মন্ত্ৰীৰ গৃহ সমষ্টি হৈয়ো তথা এসময়ৰ প্ৰতাপী ৰকিবুল হুছেইনৰ দৰে এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ গৃহ সমষ্টিৰ  এটা অঞ্চলৰ ৰাইজৰ ওপৰত চলি অহা এনে দুৰ্যোগৰ বিষয়ে সকলো জানিও দুয়ো গৰাকী জনপ্ৰতিনিধিয়ে চকু মুদা কুলিৰ ভাও জুৰাক কেন্দ্ৰ কৰি এতিয়া চূড়ান্তভাৱে অসন্তুষ্ট হৈ পৰিছে নৈ পৰীয়া সৰ্বস্বান্ত ৰাইজ।

উল্লেখ্য যে, গ্ৰীষ্মকালীন বন্ধ খোলাৰ পাছত নিজৰ হেঁপাহৰ বিদ্যালয়খন পূৰ্বৰ স্থানত চিৰদিনৰ বাবে দেখা নাপাই বিদ্যালয় খনত অধ্যয়নৰত প্ৰায় অৰ্ধশতাধিক কণমানি অবোধ ছাত্ৰ-ছাত্ৰীৰ হৃদয়ে যে এবাৰ হ’লেও উচুপি নুঠিব তাক নিশ্চয় কোনো কাৰণতে নুই কৰিব নোৱাৰি।