NORTHEAST NOW (Assamese)
Popular Stories

‘ভগৱান কৃষ্ণৰ নামত সহস্ৰাধিক গছ কাটিব নোৱাৰে’, যোগী চৰকাৰক ক’লে উচ্চতম ন্যায়ালয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 3, 2020 8:33 am
‘ভগৱান কৃষ্ণৰ নামত সহস্ৰাধিক গছ কাটিব নোৱাৰে’, যোগী চৰকাৰক ক’লে উচ্চতম ন্যায়ালয়ে

উত্তৰ প্ৰদেশৰ মথুৰাত ভগৱান কৃষ্ণৰ মন্দিৰলৈ যোৱা এটা পথ সম্প্ৰসাৰণৰ বাবে গছ কটাৰ অনুমতি প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম নায়ালয়ে।

উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে ভগৱান কৃষ্ণৰ নামত উত্তৰ প্ৰদেশ চৰকাৰে তিনি হাজাৰ গছ কাটিব নোৱাৰিব।

মুখ্য ন্যায়াধীশ এছ এ বোবডেই উত্তৰ প্ৰদেশ চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধিবক্তাক কয়, ‘ভগৱান কৃষ্ণৰ নামত, আপুনি সহস্ৰাধিক গছ কাটিব নোৱাৰে’।

উল্লেখ্য যে, যোগী চৰকাৰে মথুৰাৰ কৃষ্ণ মন্দিৰলৈ যোৱা ২৫ কিলোমিটাৰ দীঘল পথটোৰ সম্প্ৰসাৰণৰ কাম কৰি আছে। ইয়াৰ বাবে ২,৯৪০ ডাল গছ কাটিবলৈ চৰকাৰে অনুমতি বিচাৰিছে। ইয়াৰ বাবে চৰকাৰে ক্ষতিপূৰণ হিচাপে ৩১৮.৪১ কোটি টকা দিব বুলিও কৈছিল।

পথ সম্প্ৰসাৰণৰ বাবে যিমান গছ কটা হয় তাৰ তুলনাত অধিক গছ ৰোপণ কৰা হ’ব বুলিও চৰকাৰৰ ফালৰ পৰা আদালতত কোৱা হৈছিল। অৱশ্যে, আদালতে কৈছিল যে সতেজ উদ্ভিদে ১০০ বছৰীয়া গছৰ দৰে অক্সিজেন দিব নোৱাৰে।

মুখ্য ন্যায়াধীশ এছ এ বোবডে, ন্যায়াধীশ এ এছ বোপান্না আৰু ভি ৰামসুব্ৰামণীয়ানক লৈ গঠিত তিনিজনীয়া বিচাৰপীঠে কয়, ‘জীৱিত গছবোৰে অক্সিজেন প্ৰদান কৰে আৰু ইয়াৰ মূল্যায়ন কেৱল মূল্যৰ আধাৰত কৰিব নোৱাৰি। গছবোৰৰ অক্সিজেন উৎপাদন ক্ষমতা ইয়াৰ বাকী জীৱন কাল অনুসৰি মূল্যায়ন কৰিব লাগে’।

আদালতে এই বিষয়টো পুনৰ চালি জাৰি চাবলৈ উত্তৰ প্ৰদেশ চৰকাৰক চাৰি সপ্তাহ সময় দিয়ে।

আমি ৰাজ্য চৰকাৰৰ পৰা সঠিক প্ৰতিবেদন বিচাৰো, আদালতে কয়।