NORTHEAST NOW (Assamese)
অসম

উৎকোচ লৈ দুর্নীতি নিবাৰক শাখাৰ জালত মৰিগাওঁ সদৰ থানাৰ সহকাৰী উপ-পৰিদৰ্শক পংকজ বৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 20, 2020 8:41 am
এ এছ আই পংকজ বৰা

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ কেলেংকাৰিয়ে সমগ্ৰ ৰাজ্যতে জোকাৰণি সৃষ্টি কৰি যোৱাৰ সময়তে আৰক্ষীৰ নামত কলংক সানিলে এগৰাকী আৰক্ষী বিষয়াই।

উৎকোচ গ্ৰহণ কৰি সোমবাৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ তদন্তকাৰী দলৰ হাতত হাতে-লোটে ধৰা পৰিল মৰিগাঁও সদৰ থানাৰ এ এছ আই পংকজ বৰা।

ঘটনা অনুসৰি, এক গোচৰৰ বাবে মৰিগাঁও সদৰ থানাৰ সহকাৰী উপ-পৰিদৰ্শক (এ এছ আই) পংকজ বৰাই মহিলা এগৰাকীৰ পৰা ধন দাবী কৰিছিল।

মহিলাগৰাকীয়ে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

উক্ত মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত তদন্তকাৰী দলৰ পৰিকল্পনা মতে মহিলা গৰাকীয়ে এ এছ আই পংকজ বৰাক দহ হাজাৰ টকা উৎকোচ প্ৰদান কৰে।

ইপিনে, পৰিকল্পনা অনুসৰি জাল পাতি ৰখা দুৰ্নীতি নিবাৰক শাখাই আৰক্ষী বিষয়া গৰাকীক হাতে-লোটে ধৰিবলৈ সক্ষম হয় আৰু তেওঁক গ্ৰেপ্তাৰ কৰে।

মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ তদন্তকাৰী বিষয়াসকলে বৰ্তমান অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ জেৰা অব্যাহত ৰাখিছে।